![]()
বৃহৎ জয়েৰে গুৱাহাটী পৌৰ নিগম দখল কৰিলে বিজেপি-অগপ মিত্ৰজোঁটে। মুঠ ৬০টা ৱাৰ্ডৰ গুৱাহাটী পৌৰ নিগমৰ ৫৮ টা ৱাৰ্ডত জয়লাভ কৰিছে মিত্ৰজোঁটে। ইয়াৰে ভিতৰত ৫২টা ৱাৰ্ডত বিজেপি আৰু ৬টা ৱাৰ্ডত অগপই জয়লাভ কৰিছে।
আনহাতে, পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী তথা অসমত শক্তিশালীভাবে আত্মপ্ৰকাশ কৰি আম আদমী পাৰ্টিয়ে এটা আৰু অসম জাতীয় পৰিষদে এটা ৱাৰ্ডত জয়লাভ কৰিছে। তাৎপৰ্যপূৰ্ণভাবে এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। ইয়াকে লৈ শতবৰ্ষ পুৰণি দলটোৱে উপৰ্যুপৰি সাতটা নিৰ্বাচনত মুখঠেকেচা খাবলগা হ’ল।
এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে আপৰ আত্মপ্ৰকাশ। মুঠ ৩৮টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল কেজৰিৱালৰ দলটোৱে। সংখ্যা হিচাবত এখন আসনত জয়লাভ কৰিলেও আপৰ উত্থান তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
কিয়নো আপে প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৩৮টা ৱাৰ্ডৰ এটাত জয়লাভৰ বিপৰীতে আন ২৫ খন আসনত দ্বিতীয় স্থান লাভ কৰিছে। আনহাতে, ভোটৰ শতাংশ হৈছে ১৫। যিটো ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ দৃষ্টিত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছৰ বিকল্প হৈ উঠিব পাৰে আপ। লগতে দলটোৱে যদি উচিত পৰিকল্পনাৰে আগবাঢ়ে তেন্তে ভৱিষ্যতে বিজেপিৰ অন্যতম প্ৰতিদ্বন্দ্বী তথা শক্তিশালী বিৰোধী হৈ উঠিব পাৰে।













