ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁও আৰক্ষীৰ সাফল্যঃ ৰাঙলুগ্ৰান্ট চিঙৰাবস্তিৰ পেট্ৰ’ল ডিপোৰ পৰিচালকক গুলীওৱা ঘটনাৰ লগত জড়িত ৬ ডকাইট গ্ৰেপ্তাৰঃ পিষ্টল জব্দ

ASSAM TIMES POST by ASSAM TIMES POST
October 14, 2019
Reading Time: 1 min read
A A
0
নগাঁও আৰক্ষীৰ সাফল্যঃ ৰাঙলুগ্ৰান্ট চিঙৰাবস্তিৰ পেট্ৰ’ল ডিপোৰ পৰিচালকক গুলীওৱা ঘটনাৰ লগত জড়িত ৬ ডকাইট গ্ৰেপ্তাৰঃ পিষ্টল জব্দ

logo atp | ASSAM TIMES POST ASSAM TIMES POST
জীতেন বৰকটকী, নগাঁওঃ নগাঁৱৰ ৰাঙলুগ্ৰান্ট চিঙৰাবস্তিৰ এইচ পি পেট্ৰ’ল ডিপোৰ পৰিচালক ৰাজকুমাৰ জৈনক(ৰাজু) ১০ অক্টোবৰৰ বিয়লি সশস্ত্ৰ দুৰ্বৃত্তৰ দলে গুলীয়াই আহত কৰি ডেৰ লাখ টকা লুট কৰি নিয়া ঘটনাৰ লগত জড়িত ৬ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

এই ঘটনাৰ লগত জড়িত ইলিয়াছ উদ্দিন (৩৫) ক ঘটনাৰ পিছদিনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পিছত আৰক্ষীয়ে বিগত দুটা দিন ধৰি ঘটনাৰ লগত জড়িত বাকী অপৰাধী কেইজনক বিচাৰিচামগুৰি ,জুৰীয়া, ৰূপহী আদি অঞ্চলত অভিযান চলায়।তদুপৰি ধৃত ইলিয়াছ উদ্দিনক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছিল।

কালি নিশা পৰ্যন্ত চলোৱা আৰক্ষীৰ অভিযানৰ পিছত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ছয় অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আজি নগাঁও সদৰ থানাত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে এক সংবাদমেল আয়োজন কৰি অভিযুক্ত কেইজনক সাংবাদিকৰ আগত প্ৰদৰ্শন কৰোৱাৰ লগতে বিষয়টো সম্পৰ্কত প্ৰকাশ কৰে।

সংবাদমেলখনত জিলা আৰক্ষী কৰ্তৃপক্ষই সদৰি কৰা মতে উক্ত ডকাইটি ঘটনাটোৰ নেতৃত্ব দিছিল জুৰীয়া বাটমাৰি অঞ্চলৰ সুৰুজ আলী নামৰ এজন লোকে।পূৰ্বতে কোনো গোচৰত অভিযুক্ত নোহোৱা সুৰুজ আলি এজন স্নাতকোত্তৰ ডিগ্ৰীধাৰী বুলি জানিব পৰা গৈছে। জুৰীয়া বাটমাৰিৰ সুৰজ আলীক সহযোগ কৰিছিল চামগুৰি ভগামুখৰ দুধৰ্ষ ডকাইট চাৰাফৎ আলী, ৰূপহীহাটৰ দক্ষিণ খাটোৱালৰ ওমৰ ফাৰুক, দক্ষিণ খাটোৱালৰ কিতাৱ আলী, ৰূপহী মধ্য লাইলুৰিৰ যুগদাদুল ইছলাম আৰু ৰূপহী দক্ষিণ খাটোৱালৰ মহম্মদ নুৰুদ্দিনে।

WhatsApp Image 2019 10 14 at 7.26.05 AM | ASSAM TIMES POST

যোৱা বৃহস্পতিবাৰে চামগুৰিৰ পৰা দুখন বাইকত অহা এই ছজনীয়া ডকাইটৰ দলটোৱে ৰাঙলুৰ পেট্ৰলপাম্পৰ পৰিচালক ৰাজু জৈন ওৰফে ৰাজকুমাৰক গুলীয়াই আহত কৰি লুটি নিছিল লক্ষাধিক টকা। ডিমাপুৰৰ পৰা ক্ৰয় কৰা অত্যাধুনিক ৭.৬৫ এম এম পিষ্টলৰে গুলীচালনা কৰিছিল ধৃত যুগদাদুল ইছলামে। আৰক্ষীয়ে ইতিমধ্যে দুজাঁই সজীৱ গুলীসহ ঘটনাত ব্যৱহৃত পিষ্টলটো, এখন পালছাৰ আৰু এখন আপাচি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত ডকাইত কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে সংবাদ মাধ্যমক অৱগত কৰা মতে ডকাইটৰ দলটোৱে ৰাজু জৈন ওৰফে ৰাজকুমাৰৰ পৰা ধন কাঢ়ি নিবলৈ চেষ্টা কৰাৰ সময়ত ডকাইটৰ দলটোক সাহসৰে বাধা দিছিল ৰাজুৱে। সেয়ে ডকাইটৰ দলটোৱে দুজাঁই গুলী চলাই আহত কৰিছিল ৰাজুক।উল্লেখ্য , ঘটনাৰ পিছদিনাই আৰক্ষীয়ে কৰায়ত্ব কৰা ইলিয়াছ উদ্দিনৰ ঘৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত টাউন ৰাঙলুগ্ৰান্টত।

আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মেলত সদৰি কৰা মতে ধৃত ইলিয়াছ পেট্ৰল পাম্পটোৰে এজন কৰ্মচাৰী আছিল। তেওঁ কাম কৰা পেট্ৰ’ল ডিপোটোৰ পৰিচালকজনক গুলীয়াই তেওঁৰ হাতৰ পৰা ধন লুট কৰিবলৈ এই দুৰ্বৃত্তৰ দলটোক নিয়োগ কৰিছিল। পৰিচালকজনে পেট্ৰ’ল ডিপোটোৰ সংগৃহীত ধন লৈ বেংকলৈ যোৱাৰ সমস্ত খবৰ ইলিয়াছে দুৰ্বৃত্তৰ দলটোক যোগান ধৰিছিল। তেওঁৰ খবৰৰ ভিত্তিতে সশস্ত্ৰ দুৰ্বৃত্তৰ দলটোৱে পেট্ৰ’ল পাম্পটোৰ মেনেজাৰজনক গুলীয়াই আহত কৰি তেওঁৰ হাতৰ পৰা ডেৰলাখ টকা ভৰ্তি টকাৰ মোনাটো কাঢ়ি লৈ যায়।

দীৰ্ঘদিন ধৰি দুৰ্বৃত্তৰ দলটোৱে ডকাইটি কাণ্ড সংঘটিত কৰিবলৈ পৰিকল্পনা কৰি আছিল।ডকাইতৰ দলটোৱে পেট্ৰল পাম্পৰ পৰিচালকজনৰ পৰা ধন লুট কৰিবলৈ ধৰোতে তেওঁ বাধা প্ৰদান কৰিছিল।তেতিয়া ডকাইতৰ দলটোৱে পৰিচালকজনৰ ভৰিত গুলীয়াইছিল। তৎসত্বেও পৰিচালকজনে টকা ভৰ্তি বেগটো এৰি নিদিয়াত যোগদাদুল নামৰ ডকাইতজনে পিষ্টলৰ গাদীৰে পৰিচালকজন মুৰত আঘাত কৰে।ডকাইটি কাৰ্যত ব্যৱহৃত পিষ্টলটো কিতাৱ আলী নামৰ ডকাইত জনৰ আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

ডকাইতৰ গুলীত আহত পেট্ৰল পাম্পৰ পৰিচালকজন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।ঘটনাৰ সম্পৰ্কত আৰক্ষীয়ে কামপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৯৫/৩৯৭/৩০৭ আৰু আৰ ডব্লিও ২৭ সশস্ত্ৰ আইনৰ অধীনত ২৪৩/১৯ নম্বৰত এটা গোচৰ ৰুজু হৈছে বুলিও সংবাদমেলত নগাঁও আৰক্ষীৰ শীৰ্ষতম বিষয়াজনে সদৰি কৰে।

Tags: Featured
Share11Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx