ASSAM TIMES POST
যোৰহাটঃ যোৱা ৬ অক্টোবৰ দেওবাৰ ৰ দিনা দিনৰ ২ বজাত যোৰহাট ৰাজতীয়াস্থিত শ্ৰী শ্ৰী বাংশবাৰীসত্ৰৰ ১০ম গৰাকী সত্ৰাধিকাৰ গীতাধ্যায়ী শ্ৰী প্ৰফুল্লচন্দ্ৰ দেৱ গোস্বামীৰ দেহাৱসান ঘটে। অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ সহ অভিযন্ত্ৰা হিছাপে কৰ্মৰত হৈ অৱসৰগ্ৰহণ কৰা প্ৰয়াত গোস্বামী দেৱৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯০ বছৰ।
সত্ৰীয়া সংস্কৃতিৰ সাধক গোস্বামী দেৱ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগত ওতপ্ৰোত ভাৱে জড়িত হৈ আছিল। মৃত্যুৰ সময়ত তেখেতে পত্নীসহ ১ গৰাকী পুত্ৰ, ৬ গৰাকী কন্যা তথা বহুসংখ্যক আত্মীয় স্ৰজন তথা শিষ্য-প্ৰশিষ্য গুণমুগ্ধক এৰি থৈ যায়। মৃ্ত্যুৰ দিনা অগণন আত্মীয়, শিষ্য-প্ৰশিষ্য তথা গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।













