![]()
প্রায় ২ বছৰ পিছত পুনৰ ভাৰতীয় শিক্ষাৰ্থীসকল শিক্ষাৰ বাবে চীনলৈ যাব পাৰিব। কৰোনাৰ ফলত যিসকল ভাৰতীয় শিক্ষাৰ্থীয়ে পাঠ্যক্ৰমৰ আধাতেই চীনৰ পৰা ভাৰতলৈ উভতিবলৈ বাধ্য হৈছিল, এইবাৰ তেওঁলোকে পুনৰ নিজৰ পঢ়া-শুনা শেষ কৰিবলৈ চীনলৈ যোৱাৰ সুযোগ পাব।
শুক্রবাৰে বেইজিঙত অৱস্থিত ভাৰতীয় দূতাবাসে এই কথা জনাইছে। দূতাবাসে দাবী কৰিছে, চীনা প্রশাসনে ভাৰতীয় শিক্ষাৰ্থীসকলক উভতোৱাৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছে। সূত্রৰ খবৰ মতে, ভাৰতৰ বিদেশমন্ত্রী এছ জয়শঙ্কৰৰ হস্তক্ষেপতেই সমস্যা সমাধানৰ বার্তা দিছে চীনে।
ইতিমধ্যে বহুকেইখন দেশৰ শিক্ষাৰ্থী চীনলৈ উভতি গৈছে। কিন্তু ভাৰতসহ কেইবাখনো দেশৰ ছাত্র-ছাত্রীসকলক চীনত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই।










