ASSAM TIMES POST
নগাঁও: নগাঁও চহৰৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ‘ৱেচিচ’ৰ উদ্যোগত কালি শিল্পী জয়ন্ত হাজৰিকাৰ ৪২ সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয়। নগাঁও চহৰৰ হয়বৰগাঁও খৰমপট্টি অঞ্চলত থকা জয়ন্ত হাজৰিকা উদ্যানত কালি পুৱা নগাঁও পৌৰসভাৰ সহযোগত ৱেচিচৰ সদস্যসকলে চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে ।
আনহাতে সন্ধিয়া উক্ত উদ্যানত শিল্পী গৰাকীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৪২ গছি বন্তি প্ৰজ্বলন কৰা হয়। ইপিনে কালি সন্ধিয়া নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত শ্বহীদ ভৱনত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ন-পুৰনি প্ৰায় একুৰি গায়কে জয়ন্ত হাজৰিকাৰ গীত পৰিবেশন কৰি শিল্পী গৰাকীক শ্ৰদ্ধা নিবেদন কৰে ।

বিশিষ্ট শিল্পী, সুৰকাৰ যজ্ঞ বেজবৰুৱাই উদ্বোধন কৰা এই সংগীতানুষ্ঠানৰ পূৰ্বে শিল্পী জয়ন্ত হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৱেচিচৰ সভাপতি যতীন্দ্র কুমাৰ দাসে। উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী মুকুট ভূঞা আৰু ডা: ফজলুল হকক ‘ৱেচিচ’ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
আনহাতে বিশিষ্ট শিল্পী আৰিফুল হকৰ লগতে নগাঁৱৰ প্ৰায় কুৰিগৰাকী ন- পুৰনি গায়কে পৰিবেশন কৰা জয়ন্ত হাজৰিকাৰ গীতত দৰ্শক আপ্লুত হৈ পৰে।













