![]()
IAS বিষয়া পূজা সিংঘলৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হ’ল ২৫ কোটি টকা। ঝাৰখণ্ডে অবৈধ খনি গোচৰ সন্দৰ্ভত এনফৰ্টমেণ্ট ডিক্টেৰট চমুকৈ ED য়ে দেশৰ কেইবাটাও স্থান ক্ৰমে নতুন দিল্লী, মুম্বাই, জয়পুৰ, ফৰিদাবাদ, ৰাঁচী ইত্যাদিন অভিযান চলায়।
IAS বিষয়া পূজা সিংহলৰ ৰাঁচীস্থিত চাৰ্টাৰ্ড একাউন্টেন্ট (চিত্র)ৰ বাসগৃহত চলোৱা এই অভিযানত নগদ ২৫ কোটি টকা উদ্ধাৰ কৰাৰ লগতে অনেক আপত্তিজনক তথ্য জব্দ কৰে ED য়ে। আনহাতে, ৰাঁচীস্থিতি পালছ হাস্পতালতো ইডিয়ে চলায় অভিযান।
উল্লেখ্য যে ২০২০ চনত অবৈধ খনি গোচৰ সন্দৰ্ভত পি এম এল এৰ অধীনত ইডিয়ে গোচৰ ৰুজু কৰিছিল।ঝাৰখণ্ডৰ কনিষ্ঠ অভিযন্তা ৰাম বিনোদ প্রসাদ সিন্হাক ২০২০ চনৰ ১৭ জুনত পশ্চিমবংগৰ ২৪ পৰগনা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। এই গ্ৰেপ্তাৰৰ পাছতে ইডিয়ে গোচৰটোৰ তদন্ত ক্ষিপ্ৰতৰ কৰি তোলে।
উক্ত গোচৰৰ ভিত্তিতে আজি অৰ্থাৎ শনিবাৰে ইডিয়ে আই এ এছ বিষয়া পূজা সিংহলৰ লগতে তেওঁৰ সৈতে সম্পর্কিত অনেক প্রতিষ্ঠানত অভিযান চলায়। এই অনুসন্ধানত প্ৰাপ্ত খবৰনুসৰি, পূজা সিংহল জড়িত হৈ থকা দুটা এন জি অ’ ক্ৰমে ৱেলফাৰ পইণ্ট আৰু প্ৰেৰণা নিকেতন নামৰ নামত ছয় কোটি টকা অনুমোদন জনোৱাৰ লগতে পৰিৱেশ আইন ভংগ কৰি ৮৩ একৰ বনভূমি খননত অনুমোদন জনাইছিল। ইডিয়ে অভিযান চলোৱা আই এ এছ বিষয়া পূজা সিংহল হৈছে ২০০০ বেটছৰ ঝাৰখণ্ডৰ কেডাৰ।










