ৰাইজৰ সহযোগত অৱসৰপ্ৰাপ্ত অপ্ৰাদেশীকৃত বিদ্যালয়ৰ কৰ্মচাৰীক পঞ্চাশ হেজাৰ টকা আৰ্থিক মাননী বিদ্যালয় কৰ্তৃপক্ষৰ
ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ খালৈগাঁৱৰ লাচিত বৰফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক টঙ্কেশ্বৰ লাহন আৰু নীলকান্ত বৰুৱাৰ লগতে লাচিত বৰফুকন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত কাৰ্য্যালয় সহায়ক পোনাৰাম ডেকাক আজি বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ।
বিশিষ্ট সমাজকৰ্মী গুৰু প্ৰসাদ বৰদলৈৰ সভাপতিত্বত লাচিত বৰফুকন উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত উল্লেখিত শিক্ষক-কৰ্মচাৰী তিনিজনক শৰাই, জাপি, জাতি, চেলেং, গামোচা, গীতা আদিৰে বিদায় সম্ভাষণ জনোৱা হয় । আনহাতে শিক্ষক গোট আৰু স্হানীয় ৰাইজৰ সহযোগত অপ্ৰাদেশীকৃত লাচিত বৰফুকন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কাৰ্যালয় সহায়ক পোনাৰাম ডেকাক পঞ্চাশ হেজাৰ টকাৰ এক আৰ্থিক মাননী বিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা হয় । উল্লেখ্য এই গৰাকী কৰ্মচাৰীয়ে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি নিজৰ চাকৰি কাল সম্পূৰ্ণ কৰিছিল।
ইয়াৰ উপৰি ২০১৯ চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিটা বিষয়ত লেটাৰ লৈ ষ্টাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ ছাত্ৰী তনুশ্ৰী কাশ্যপকো অভিনন্দন জ্ঞাপন কৰা হয় । সভাখনত নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱা আৰু বিশিষ্ট সমাজ সেৱক শিৱৰাম বৰদলৈয়ে ভাষন দিয়ে ।বিদ্যালয়খনৰ শিক্ষক বিচিত্ৰ মোহন ডেকা ই আঁত ধৰা সভাখনত বিদ্যালয়খনৰ প্ৰধান শিক্ষক হৰিনাৰায়ন বৰদলৈ,শিক্ষক মুকুল কুমাৰ নাথ আৰু পঙ্কজ কুমাৰ ডেকা ই শৈক্ষিক দিশৰ ওপৰত এক ধনাত্মক বক্তৃতা প্ৰদান কৰে ।
বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান গুৱাহাটীৰ আলিবাট প্ৰকাশন গোষ্ঠীৰ স্বত্বাধীকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই সময়োচিত বাস্তৱ মুখী শৈক্ষিক উত্তৰণৰ ওপৰত ভাষন আগবঢ়ায় আৰু বিদায়ী আৰু কৃতী ছাত্ৰী গৰাকীক বঁটা আগবঢ়ায় । উল্লেখ্য, ১৯৮৪ চনতে স্হাপিত ১৯৯৩ চনত চৰকাৰী স্বীকৃতি প্ৰাপ্ত চৰকাৰী ৰঙা ফিটাৰ মেৰপেচৰ বাবে বৰ্তমানে ও প্ৰাদেশিকীকৰণ নোহোৱা লাচিত বৰফুকন উচ্চ মাধ্যমিক বিদ্যালয়খনে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্রৰ উত্তৰণত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিঅহিছে।তেনে স্হলত এই বিদ্যালয়খনে বৰ্তমানেও প্ৰাদেশিকীকৰণ নোহোৱাটো পৰিতাপৰ বিষয় হৈ পৰিছে ।













