ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম মেডিকেল কলেজত ৰোগীৰ যমৰ যন্ত্ৰনা

ASSAM TIMES POST by ASSAM TIMES POST
October 18, 2019
Reading Time: 1 min read
A A
0
অসম মেডিকেল কলেজত ৰোগীৰ যমৰ যন্ত্ৰনা

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

বিভাস দুৱৰা, ডিব্ৰুগড়ঃ ১৯৪৭ চনৰ ৩ নবেম্বৰত স্থাপিত হোৱা ৰোগীৰ একমাত্ৰ আশা-ভৰসাৰ একমাত্ৰ স্থলী এই অসম চিকিৎসা মহাবিদ্যালয়। কেবল ডিব্ৰুগড়েই নহয় ইয়াৰ পাশ্বৱৰ্ত্তী জিলা শিৱসাগৰ,যোৰহাট, গোলাঘাট নগালেণ্ড, কাৰ্বি আংলং, তিনিচুকীয়া, অৰুণাচল, ধেমাজি, লক্ষীমপুৰ ইত্যাদিৰ পৰা নিতৌ হাজাৰ হাজাৰ ৰোগী সু-চিকিৎসাৰ বাবে আহে এই চিকিৎসা মহাবিদ্যালয়লৈ।

WhatsApp Image 2019 10 18 at 6.16.51 AM | ASSAM TIMES POST

ভগৱান স্বৰূপ চিকিৎসকৰ চিকিৎসা আৰু ফ্লৰেঞ্চ নাইটিংগেল স্বৰূপ নাৰ্চৰ পৰিচাৰ্যত সম্পূণ সুষ্ঠ হৈ উঠাৰ মানসৰে ভৰ্তি হয় এই চিকিৎসা মহাবিদ্যালয়ত। অলেখ সপোন বুকুত বান্ধি সু-স্বাস্থ্যৰে পুনৰ ঘৰলৈ উভতি যোৱাৰ অযুত হেপাহত আহে অসম মেডিকেল কলেজলৈ। যদিও প্ৰকৃতাৰ্থত এই চিকিৎসা মহাবিদ্যালয়ত একাংশ ৰোগীয়ে পায় কি সেয়া হয়তো কেবল ভুক্তভূগীৰ বাহিৰে আন কোনেও নুবুজিব।অসম মেডিকেল কলেজখনৰ তাহানিৰ সেই পুৰনি বহিঃ বিভাগৰ স্মৃতি সৌধৰ বাহিৰে এতিয়া সকলো বিভাগ উন্নত প্ৰযুক্তিবিদ্যাৰে সন্নিবিষ্ট একো একোটা তিনি-চাৰি মহলীয়া বিশাল আট্টালিকা।

উজনি অসমৰ লগতে পাশ্বৱৰ্তী ৰাজ্যৰ পৰা প্ৰায় চাৰি-পাঁচ হাজাৰ ৰোগী নিতৌ আহে এই চিকিৎসা মহাবিদ্যালয়লৈ। পুৱা ৮ বজাৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগত এক অবৰ্ণনীয় পৰিস্থিতিৰ মাজতে ৰোগী আৰু অভিভাৱকৰ সমাগম হয়। বিগত বছৰৰ ২৫ ডিচেম্বৰত বগীবিল দলঙ মুকলি হোৱাৰে পৰা মাজুলী,ধেমাজি,লক্ষীমপুৰ,পাছিঘাটৰ লগতে অৰুনাচলৰ ভালেকেইখন জিলাৰ ৰোগীয়ে এই ঐতিহ্যমণ্ডিত চিকিৎসা মহাবিদ্যালয়ত আৰোগ্য কামনাৰে ভৰ্তি হয় বা চিকিৎসা গ্ৰহন কৰিবলৈ আহে। কিন্তু বহিঃবিভাগৰে পৰাই যেন লাহে লাহে ৰোগী আৰু অভিভাৱকৰ যন্ত্ৰনা আৰম্ভ হয়।

WhatsApp Image 2019 10 18 at 6.16.48 AM | ASSAM TIMES POST

অতি পৰিতাপৰ কথা যে গুৰুতৰভাবে অহা ৰোগীক চিকিৎসকৰ কক্ষলৈ নিবলৈ বহিঃ বিভাগত নাই কোনো ষ্ট্ৰেচাৰ বা ৱাৰ্ড বয়। নিজেই এখন ষ্ট্ৰেচাৰ যোগাৰ কৰি নললে বিকল্প নাই। আনহাতেদি বহিঃ বিভাগত নিয়োজিত সেই সকল কমৰ্চাৰীৰ কৰ্মৰাজি তদাৰক কৰা চুপাৰভাইজাৰকো বিচাৰি পাবলৈ নাই! এক অৰাজক পৰিস্থিতিৰ উদ্ভব হয় বহিঃবিভাগৰ কক্ষত। দীঘলীয়া শাৰী পাতি টিকট কৰোতে কেতিয়াবা গুৰুতৰভাবে অসুস্থ ৰোগীৰ অৱস্থা কাহিল হৈ পৰে।

টিকট কাউন্টাৰ চাৰিটাকৈ আছে যদিও জৰুৰী ৰোগীৰ বাবে এটা সুকীয়া কাউন্টাৰ খোলাৰ অৱকাশ আছে নিশ্চয়। য’ত তাৎক্ষনিকভাবে টিকট কৰি চিকিৎসা গ্ৰহন কৰিব পাৰে। কৰ্তৃপক্ষক বহু অভিভাৱকে এই সন্দৰ্ভত অভিযোগ কৰিছিল যদিও কতৃপক্ষই গা-এৰা মনোভাব প্ৰদৰ্শন কৰাৰ অভিযোগ উথাপিত হৈছে।আনহাতেদি এই বহিঃবিভাগত একাংশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বহু ৰোগীৰ অভিভাৱকক বিপথে পৰিচালিত কৰি বহু ক্ষেত্ৰত নাৰ্ছিং হোম বা ব্যক্তিগত লেৱৰেটৰীলৈ পঠোৱাৰো অভিযোগ উঠিছে। গাঁওৰ পৰা অহা সহজ-সৰল ৰোগীক এনেদৰে কেকোঁৰা চেপা দিয়াৰ ফলত কেতিয়াবা সৰ্ব্বসান্ত হৈ পৰে ৰোগীৰ অভিভাৱক সকল।

অসম চিকিৎসা মহাবিদ্যালয়ত সৰ্বমুঠ ২১ টা বিভাগ থকাৰ লগতে প্ৰায় ১৫০০ খন ৰোগীৰ বিছনা আছে। ইয়াৰ উপৰি আছে দুটাকৈ পেইং কেবিন (নতুন আৰু পুৰনি)। উল্লেখ্য যে ‘৯০ দশকৰ পিছত অসম মেডিকেল কলেজখনৰ আন্তঃগাঠনিকে ধৰি অনান্য বিষয়ত পূৰ্বতকৈ বহু উন্নত হ’ল।সকলো বিভাগতে এতিয়া উন্নত প্ৰযুক্তিৰ ব্যৱস্থা।উন্নত কাৰিকৰী সা-সৰঞ্জাম।তথাপিও যেন ৰোগীয়ে সকাহ পোৱা নাই।কৰবাত নহয় কৰবাত ৰোগী অতিষ্ঠ হৈ পৰিব লগা হয়। এটা কথা নিশ্চয়কৈ উল্লেখ কৰিবই লাগিব যে বৰ্তমানে অসম মেডিকেল কলেজৰ হৃদৰোগ বিভাগ আৰু ইএনটি বিভাগৰ আন্তঃগাঠনি এতিয়া সৰ্বশ্ৰেষ্ঠাৰ দিশে অগ্ৰহৰ হৈছে বুলি ক’ব পাৰি।

কিন্তু তাতেই যেন বহু কেৰোণ সোমাই পৰিছে। হৃদৰোগ বিভাগৰ ৯ খন বিচনা থকা আইচিইউত থকা সকলো এচি দীৰ্ঘদিন ধৰি বিকল হৈ পৰি আছে। গৰমৰ দিনত ফেনে কাম নকৰিলে খৰিকি খুলি দিয়াত বহু কীট-পতংগৰ লগতে মহৰ উপদ্ৰপ হয়। এনে ক্ষেত্ৰত ৰোগ নিৰাময় হোৱাতকৈ বৃদ্ধি পোৱাৰহে সম্ভাৱনা আছে। এই মেডিকেল কলেজৰ সকলো বিভাগতে দিনত আৰু নিশাৰ ভাগত যিদৰে বিভাগীয় উচ্চপদস্থ চিকিৎসকে পৰিদৰ্শন কৰিব লাগে,সেয়া কাৰ্যত দেখা নাযায় বুলি অভিযোগ উথাপিত হোৱাৰ লগতে, নিশাৰ ভাগত কেবল পষ্ট গ্ৰেজুৱেট ছাত্ৰ সকলক বিভাগীয় দায়িত্ব দি নিজে প্ৰাইভেট প্ৰেকটিছত ব্যস্ত থকা বুলিও সততে গুৰুতৰ অভিযোগ উঠিছে। যাৰ বাবে নিশা এক যমৰ যাতনা ভুগিব লগা হয় ৰোগীসকল।

WhatsApp Image 2019 10 18 at 6.16.44 AM | ASSAM TIMES POST

নিশাৰ দায়িত্বত থকা একাংশ নাৰ্চৰ কৰ্কশ মাত আৰু অভব্য আচৰনে ৰোগীৰ অভিভাৱকক ভবাই তুলিছে। চৰজমিন তদন্ত কৰি দেখা গ’ল যে বিশেষকৈ নিশাৰ ভাগত মেডিজেল কলেজত একপ্ৰকাৰ অৰাজকতাৰ স্বৃষ্টি হয়। কোনেও যেন কাৰো আদেশ নমনা হৈ পৰে। সেই সময়ত কি নাৰ্চ, চুইপাৰ, বাৰ্ড বয় সকলো উঠি ৰজা বহি ৰজা। ৰোগীৰ অভিভাৱকৰ অনুনয়-বিনয়েও যেন কামত নিদিয়ে। মুঠৰ ওপৰত সেই সময়ত তেঁওলোকেই যেন মেডিকেল কলেজখনৰ অধিৰ্কতা।

অসম মেডিকেল কলেজৰ কাৰ্ডিয়লজি বিভাগত কৰ্মৰত নাৰ্চ নিলীমা কণ্ডপানৰ কৰ্কশ মাত আৰু উৎভত কথাই ৰোগীৰ অভিভাৱকক ভবাই তুলিলে।প্ৰেচাৰ জুখিব বোলে নাজানে! ঔষধ কেনেকৈ খুৱাব লাগে বুলি অভিভাৱকে সুধাত-আগৰ দৰেই খুৱাই থাকক বুলি কৈ দায়িত্ব সামৰিলে। এনেকৈয়ে চলে নিশাৰ অসম মেডিকেল কলেজ। আনহাতেদি হৃদৰোগ বিভাগত দুটাকৈ আইচিইউ আছে।

পুৰনি ৯ খন বিচনা থকাৰ বিপৰীতে নতুনত ৮ খনকৈ বিছনা আছে।এটা ৰিকভাৰী কোঠাৰ বিপৰীতে দুটা জেনেৰেল ৱাৰ্ড(পুৰুষ-মহিলা) আছে বিভাগটোত। বিভাগটোত থকা এটা প্ৰশাবগাৰ আৰু শৌচাগাৰ দীৰ্ঘদিন ধৰি চাফা নকৰাত চৌপাশে এক দুৰ্গন্ধই বিৰাজ কৰিছে। যিটোৱে নেকি জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ স্বৃষ্টি কৰিছে। অৱশ্যে এটা কথা কবই লাগিব যে শৌচাগাৰ লেতেৰা কৰি থোৱাত একাংশ ৰোগী বা অভিভাৱকো পোনপতীয়াকৈ জগৰীয়া বুলি ক’ব পাৰি।

ৰাজহুৱা সম্পতি বিনষ্ট কৰা বা অপৰিস্কাৰ কৰা সকলক কৰ্তৃপক্ষই জৰিমনা বিহিলে বা অলপ কঠোৰ হলেহে উক্ত স্থানসমূহ পৰিস্কাৰ হৈ ৰ’ব বুলি ধাৰণা হয়। বিচনাত পৰি থকা ৰোগীৰ বাবে বেড পেন অভিভাৱকে নিজে বিচাৰি আনি, কৰ্মচাৰী থকাৰ পিছতো ৰোগীৰ মুত্ৰ-বিষ্ঠা পেলাব লগীয়া হোৱাতো অতিকৈ দুভাৰ্গ্যজনক। একেখন বেড-কভাৰত তিনি-চাৰিদিনকৈ ৰোগী থকা,বিছাৰিলেও কোনো সুদুত্তৰ নোপোৱা দিশটোৰ বিষয়ে কতৃপক্ষই কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হ’ব লক্ষনীয়।

ঐতিহ্যমণ্ডিত এই চিকিৎসা মহাবিদ্যালয়ত শিশু বিভাগত দুটাকৈ আইচিইউ আছে।ইয়াৰে এটা নৱজাতকৰ বাবে ৮ খন বিচনাযুক্ত আৰু আনটো ২১ খন বিচনাযুক্ত।সেইদৰে স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগত ৮ খন বিচনাযুক্ত উচ্চ প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত এক আইচিইউ থকাৰ লগতে মেডিচিন আইচিইউত ৮ খন বিচনা থকাৰ বিপৰীতে চেন্ট্ৰেল আইচিইউত সৰ্বমুঠ ৩১ খন বিচনা ৰোগীৰ বাবে ব্যৱস্থা আছে। যদিও সেই একাংশ ধুৰন্ধৰ কৰ্মচাৰী, বিষয়া, চিকিৎসকক কোনে নাকী লগাবলৈ সমৰ্থ হ’ব, সেয়া হ’ব লক্ষনীয়।

Tags: Featured
Share8Tweet3Send

Related Posts

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
ADVERTISEMENT
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
50
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx