গুৱাহাটী: অহা 22 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। এক বিবৃতিতযোগে এই কথা সদৰী কৰিছে গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়াই। সেই অনুসৰি মঙলবাৰে পুৱা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই পবিতৰা বন্যপ্ৰাণী খণ্ড কাৰ্যালয়ত অভয়াৰণ্যখনি আনুষ্ঠানিকভাৱে মুকলি কৰিব।













