![]()
চখ পূৰণ কৰিবলৈ কত কি যে নকৰে মানুহে! কোনোৱে যদি সৰ্বশৰীৰত ট্যাটু কৰে, কোনোৱে আকৌ নিজৰ ৰূপ সলনি কৰি কদাকাৰ হৈ পৰে। কিন্তু এইবোৰ সকলোকে চেৰ পেলাই গৈছে জাপানৰ এজন যুৱকে। নিজৰ চখ পূৰণ কৰিবলৈ কুকুৰলৈ পৰিৱৰ্তন হ’ল যুৱকজন।
টাকো নামৰ জাপানৰ এজন যুৱকৰ হেনো মানৱ জীৱন ভাল নলগা হ’ল। আনহাতে, সৰুৰে পৰাই তেওঁৰ কুকুৰৰ প্রতি আকৰ্ষণ। সেয়ে হেনো কুকুৰৰ দৰে জীৱন-ধাৰণ তেওঁৰ ভাল লাগে। সেয়ে তেওঁ মন বান্ধি লয় নিজকে কুকুৰৰ ৰূপ দিবলৈ। অৱশেষত নিজৰ ৰূপ সলনি কৰি মানুহৰ পৰা তেওঁ হৈ উঠে ‘কুকুৰ’।
অৱশ্যে ইয়াৰ বাবে তেওঁ অস্ত্রোপচাৰ কৰি নিজৰ ৰূপ সলনি কৰা নাই। টাকোৱে এটি বস্ত্ৰ প্ৰতিষ্ঠানৰ দ্বাৰা হুবহু কুকুৰৰ দৰে এটি কষ্টিউম নিৰ্মাণ কৰে। যাৰ মূল্য ১১ লাখ ৬৩ হাজাৰ টকা। টাকোৰ চর্ত আছিল, পোছাকটো এনে হ’ব লাগিব, যাতে অতি ভালদৰে নিৰীক্ষণ কৰিলেও যেন কোনোৱে ধৰিব নোৱাৰে যে সেইটো কুকুৰ নহয়। আৰু তেনেদৰেই নিজৰ চখ পূৰণ কৰে টাকোৱে।
বৰ্তমান টাকোৱে উক্ত কুকুৰৰ পোছাক পিন্ধি চলা-ফুৰা কৰে। কুকুৰৰ দৰেই আৰম্ভ কৰিছে জীৱন-ধাৰণ প্ৰক্ৰিয়া। তেওঁৰ এই নতুন ৰূপৰ ছবিও শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত।











