ডিফু, ২০ অক্টোবৰ: সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ কেতবোৰ সমস্যা সমাধান আৰু দাবী সমূহ মানি নললে আন্দোলনৰ পথ বাছি লোৱাৰ হুংকিৰ দিছে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ হৈ সভাপতি ধৰণীধৰ বৰাই দেওবাৰে বকলীয়াঘাটত মন্তব্য কৰে ৷ দেওবাৰে সদৌ কাৰবি আংলং সুলভ মুল্য দোকান ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু সদৌ অসম সুলভমূল্য ব্যৱসায়ী সন্থাৰ সহযোগত বকলিয়াঘাট জনতা হিন্দী হাইস্কুল প্ৰাঙ্গনত কাৰবি আংলঙ সুলভমূল্য দোকান ব্যৱসায়ী সন্থাৰ সভাপতি মাৰচং জিগদুঙৰ পৌৰুহিত্যত সন্থাৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থকা সদৌ অসম সুলভমূল্য ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰাই ভাষণ প্ৰসংগত কাৰবি আংলঙ সুলভ মূল্যৰ ব্যৱসায়ী সকলে ভোগ কৰি অহা সমস্যাৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰে ৷ কাৰবি আংলঙত সুলভমূল্যৰ ব়্যৱসায়ী সকলক চৰকাৰে কমিচনৰ ধন মোকলাই নিদিয়াৰ ফলত এইবাৰৰ দুৰ্গাপূজাত ব্যৱসায়ী সকলে নিজ সন্তানক পূজাত বেলুন এটাও দিব নোৱাৰিলে বুলি ক্ষোভ উজাৰে সভাপতি গৰাকীয়ে ৷ সেয়ে জিলাখনৰ সুলভ মূল্যৰ ব্যৱসায়ী ঐক্যবদ্ধ সংগ্ৰামৰ মাজেৰে অধিকাৰ সাব্যস্থ কৰিবলৈ আহ্বান জনাইছে ৷ এইলৈ সভাপতি গৰাকীৰ নেতৃত্বত শীঘ্ৰে কাৰবি আংলঙৰ উপায়ুক্তৰ ওচৰত দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা হব ৷ ইয়াৰ পিছতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত ধৰ্ণা কাৰ্যসূচীৰে গণতান্ত্ৰিক আন্দোলন চলোৱাৰ হুংকাৰ দিছে সভাপতি ধৰণীধৰ বৰাই ৷ সন্থাৰ উপসভাপতি মোহন বৰাই ভাষণত উল্লেখ কৰে যে, দেশৰ অইন ঠাইত কমিচনৰ ধন মোকলাই দিয়া হয় যদিও ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অইন ৰাজ্যই কমিচনৰ ধন লাভ কৰিছে যদিও অসমৰ সুলভ মূল্যৰ ব্যৱসায়ী সকল মাহৰ পিছত মাহ ধৰি বঞ্চিত হৈ আহিছে ৷ অসমৰ ক্ষেত্ৰত চৰকাৰ খনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছে উপসভাপতি গৰাকীয়ে ৷ বকলীয়াঘাট বহুমূখী সমবায় সমিতিৰ সাধাৰণ সম্পাদক বিমান সন্দিকৈয়ে নিজৰ ভাষণত সুলভ মূল্যৰ ব্যৱসায়ী সকলে সুলভ মূল্যৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ ভোগ কৰা অসুবিধাৰ কথা উল্লেখ কৰে ৷ সময়মতে কমিচন লাভ নকৰাৰ লগতে ৰাষ্ট্ৰীয় হিতাধিকাৰী সকলৰ নাম অনলাইনভূক্ত কৰোৱাৰ নামত ভীষণ বেমেজালি সৃষ্টি হোৱাৰ অভিযোগো উত্থাপন হয় সভাখনত ৷ আনহাতে বিভিন্ দল- সংগঠনেও দান বৰঙনিৰ নামত ব্যৱসায়ী সকলক হাৰাশাস্তি কৰা হয় বুলি বিভিন্ন জনক সভাত মত ব্যক্ত কৰা পৰিলক্ষিত হয় ৷ উক্ত সভাৰ জৰিয়তে চৰকাৰে জিলাখনৰ সুলভ মূল্যৰ ব্যৱসায়ী সকলৰ সমস্যা হৃদয়াংগম কৰিব বুলি ব্যৱসায়ী সকলে আশা ব্যক্ত কৰিছে ৷













