ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ শাস্ত্ৰীয় নৃত্যৰ অন্যতম শিক্ষানুষ্ঠান ললিতাংৰ উদ্যোগত ২০ অক্টোবৰৰ সন্ধিয়া গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ মঞ্চত অনুষ্ঠিত হোৱা হয় এক শাস্ত্ৰীয় নৃত্যানুষ্ঠা। বিশিষ্ট অতিথি হিচাবে আমন্ত্ৰিত বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা, বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন অধ্যাপক ড° লুকুমনি গোস্বামী আৰু বিশিষ্ট চিকিৎসক ডাঃ চন্দন বৰঠাকুৰক ললিতাঙৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয়। শাস্ত্ৰীয় নৃত্য গুৰু ক্ৰমে পাণীন্দ্ৰ হাজৰিকা আৰু মামনি দত্ত বৰুৱাক বঁটা প্ৰদান কৰি সন্মানিত কৰা হয়।
বিশিষ্ট অতিথিত্ৰয়ৰফালৰপৰা শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰাৰ লগতে নৃত্য গুৰু দুয়োগৰাকীয়ে নৃত্যৰ ব্যাকৰণসন্মতভাৱে আৰু পদ্ধতিগতভাৱে নৃত্য শিক্ষা লোৱা উচিত বুলি মন্তব্য আগবঢ়ায়। ললিতাং শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে গুৰু বন্দনা নৃত্য, কৃষ্ণ বন্দনা নৃত্য, কৃষ্ণ ৰাধা কেন্দ্ৰিক নৃত্য, প্ৰেম-হাস্য ৰসৰ সমাহাৰে থুম্ৰি নৃত্য, ৰূবাই আৰু তাৰাণা নৃত্য, ৰাস, হোলি, যুগল বন্দী নৃত্য পৰিবেশন কৰি দৰ্শকসকলক মোহিত কৰে।
শিল্পী বনশ্ৰী কাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ পায়েল বৰঠাকুৰৰ তত্বাৱধানত নৃত্যানুষ্ঠানত অংশ লোৱা ছাত্ৰীসকল হৈছে ঈষিতা, খুচ্চি, কাব্যা, ছাহত, শ্ৰুতী, মঞ্জুৰী, দক্ষতা, সংস্কৃতি, দিব্যাংশ্ৰী, অৰ্শীতা, ৰাশিকা, অনুৰেখা, ৰাম্মি, মৃনালীনি, অভিব্যঞ্জনা, প্ৰাচি, দৃষ্টি, চন্দ্ৰানী, আলভিৰা, সবিতা আৰু কাৰ্তিক কাশ্যপ৷













