![]()
সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফু লৰুলাংছৰ ছানডে মাৰ্কেট আৰু ৰংখেলান বজাৰত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ৷ এই উপলক্ষে প্ৰথমতে লৰুলাংছ মাৰ্কেটৰ ছানডে মাৰ্কেটত পিচিচিএফ বিপিন কুমাৰ ৱানচালৰাৰু জিলা বনবিষয়া জগন্নাথ ৰংপিৰ উপস্থিতিত বিনামূলীয়া বহু মূল্যৱান গছ পুলি বিতৰণ কাৰ্যসূচীৰ ফিতা কাটি শুভাৰম্ভ কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল শইকীয়াই ৷
আজি ডিফুৰ লৰুলাংছ আৰু ৰংখেলানত অগৰু, চন্দন, জামু, কঠাল, দেৱদাৰুকে ধৰি বহু মূল্যৱান গছপুলি বিনামূলীয়াকৈ বিতৰণ কৰা দেখা যায়৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই কয় যে, প্ৰকৃতিৰ অসামঞ্জস্য ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰথম কাৰ্য হিছাপে গছ পুলি ৰোপণ কৰিব লাগিব ৷ প্ৰকৃতিক ৰক্ষা কৰিবলৈ হলে বিভিন্ন ৰাজহুৱা স্থান, বিভিন্ন প্ৰতিষ্ঠানত বৃক্ষ পুলি ৰোপণৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে ৷
আনহাতে জিলাখনৰ অতিৰিক্ত পিচিচিএফ বিপিন কুমাৰ ৱানচালে কয় যে, কাৰবি আংলঙৰ বন বিভাগে কাৰবি আংলঙক সেউজীয়াকৰণ কৰাৰ মিছন হিছাপে লৈ কাম কৰি আছে ৷ এইলৈ চাৰি-পাঁচটা পৰ্যায়ত মুঠ ৫৪৩খন স্কুল, কলেজ আৰু চৰকাৰী প্ৰতিষ্ঠানতো ২৫টাকৈ বৃক্ষপুলি বিনামূলীয়াকৈ বিতৰণৰ কৰা হৈছে ৷ দ্বিতীয় পৰ্যায়ত সামৰিক বাহনীক এই অভিযানৰ অংশীদাৰ হিচাপেলৈ তেওঁলোককো গছপুলি বিতৰণ কৰে ৷ তৃতীয় পৰ্যায়ত সংগঠন, ক্লাব আৰু সংস্থাসমূহকো সাঙুৰি এই গছপুলি বিনামূলীয়াকৈ বিতৰণ কৰা হয় ৷












