![]()
আজি পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হেছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ নিৰ্বাচন ৷ সম্পূৰ্ণ ফৰকাল বতৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৱেষ্টনীৰ মাজত চলিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা ৭-৩০ বজাৰ লৰা বিয়লি ৪-৩০ বজালৈকে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব ৷ জিলা খনৰ ৮০৮ টা ভোট কেন্দ্ৰত ৭,০৩,৯৮৫ গৰাকীয়ে ভোট দান কৰিব ৷
আজি ভোটদান কৰিব হৰেন ছিং বে সাংসদ ৰংখাং ৰ পৰা, চিইএম তুলিৰাম ৰংহাঙে ডংকামোকাম ,বিদ্যাছিং ইংলেং , বিধায়ক ডিফু ,দৰছিং ৰংহাং, বিধায়ক,ফুলনি ৰূপছিং টেৰণ,বিধায়ক,হামৰেণ আৰু ,ডা° নোমল মমিন,উপাধ্যক্ষই বোকাজান পৰিষদীয় সমষ্টিৰ পৰা ভোটদান কৰিব ৷
ইতিমধ্যে ভোট কেন্দ্ৰ সমূহত ভোটাৰ ৰাইজে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ এইবাৰৰ কাৰবি পৰিষদৰ ভোট গ্ৰহণ ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত হে হৈছে ৷













