ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home literature Features

আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস:

ৰিমলী বৰকটকী:

ASSAM TIMES POST by ASSAM TIMES POST
June 12, 2022
Reading Time: 1 min read
A A
0
আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস:

logo new 2 1 | ASSAM TIMES POST
কোৱা হয়,শিশু এজন এখন দেশ বা ৰাষ্ট্ৰৰ ভৱিষ্যৎ। কিদৰে এক সুন্দৰ বা সফল ভৱিষ্যতৰ হোতা হ’ব পাৰিব এজন শিশু,যদিহে ফুকলীয়া দুহাতত ফলি-কিতাপ লোৱাৰ সময়ত কাৰোবাৰ ঘৰ,হোটেল-ৰেষ্টুৰা,পথাৰ,কল-কাৰখানাত এজন প্ৰাপ্তবয়স্ক মানুহৰ দৰে অন্তহীন কামৰ বোজা কঢ়িয়াব লগা হয়?

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসসেই শিশুৰ পৰা ভৱিষ্যত জীৱনত কি আশা কৰিব পাৰো আমাৰ দৰে শিক্ষিতচামে?শিশু এটিৰ অধিকাৰ কি আচলতে?স্বাভাৱিকতেই এটি শিশু পৃথিৱীলৈ নিজ ইচ্ছাত নাহে,শিশুটিক অনা হয়,আনৰ(পিতৃ-মাতৃৰ)সুখ আৰু ইচ্ছা অনুসৰি। তেন্তে পৰৱৰ্তী পৰ্যায়ত সেই শিশুটিয়ে সামান্য কাৰ্যক্ষম হোৱাৰে পৰা,জ্ঞান অৰ্জনৰ বাবে বিদ্যালয়লৈ যাব লাগে নে স্থান নিৰ্বিশেষে শাৰীৰিক শ্ৰমদান কৰি অৰ্থ উপাৰ্জন কৰিব লাগে?

RELATED POSTS

16th Nov – National Press Day: Free Press and its significance in today’s world

চ’ল’গামী কি,কিয় চ’ল’গামী মুখী হৈছে নাৰী?

বিশ্ব পৰিবেশ দিৱস আৰু আনুষাংগিক দুআষাৰ:

আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসদেখদেখকৈ এজন শিশু শ্ৰমিকৰ আঁ‌ৰত তেওঁৰ দৰিদ্ৰ আৰু বহু সময়ত সমান্তৰাভাৱে অশিক্ষিত পিতৃ্-মাতৃয়েই মূলতঃ দায়ী। অৱশ্যেই তৃতীয় বিশ্বৰ তুলনামূলকভাৱে আৰ্থিকভাৱে অনুন্নত দেশবোৰত ইয়াতকৈ আৰু অধিক কি আশা কৰিব পাৰি?
আজি বেছ কিছু বছৰৰ পৰা প্ৰধানতঃ কিছু স্বেচ্ছাসেৱী সংগঠনে বৰ্দ্ধিত শিশু শ্ৰমিকৰ হাৰলৈ চাই,যথেষ্ট সজাগতামূলক কাম-কাজ কৰি আহিছে।

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা(ILO-International Labour organization)য়ে ২০০২ চনৰ পৰাই বছৰৰ ১২ জুন তাৰিখটোক শিশু শ্ৰমিক বিৰোধী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই দিৱস পালনৰ লক্ষ্য-উদ্দেশ্য হ’ল-এই বিষয়টোত সজাগতা আৰু সচেতনতা বৃদ্ধি কৰাৰ লগতে ইয়াক বন্ধ কৰিব পৰাকৈ সকলো ধৰণৰ কাৰ্যপন্থা হাতত লোৱা। বিশ্বৰ আন সকলো প্ৰান্তকে মিলাই সৰ্বমুঠ ১৬০মিলিয়ন সংখ্যক শিশু শ্ৰমিকে এতিয়াও কাম কৰি আছে,আৰু এই সংখ্যা গত ৪ বছৰত ৮•৪ মিলিয়ন পৰ্যন্ত বৃদ্ধি পাইছে।

ই কোনো সুখকৰ ছবি নহয়। সমগ্ৰ বিশ্বৰ ছবিখন বাদ দি অকল ভাৰতলৈকে চালেও এই সংখ্যা অতি নিৰাশাজনক। এতিয়াও ভাৰতত ৮০ লাখ শিশুৱে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে। এই শিশুসকলৰ ভৱিষ্যৎ কি?শিক্ষা,স্বাস্থ্য,নিৰুদ্বেগচিত্তে এক শৈশৱ কটোৱাৰ অধিকাৰ জানো এই শিশুসকলৰো নাই?ইফালে ক’ভিড অতিমাৰীৰ আক্ৰমণৰ ফলস্বৰূপেও এই সংখ্যা বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হৰ্ষবৰ্ধনে আজি এক টুইট যোগে জনাইছে।

লগতেই তেওঁ কৈছে যে-“এটি শিশু শিকিব-বুজিবৰ বাবেহে,ধন ঘটিবৰ বাবে নহয়”।অকল পিতৃ-মাতৃ,চৰকাৰ,স্বেচ্ছাসেৱী সংগঠনৰ সজাগতা-সচেতনাই জানো এই শিশুসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিব?আমাৰো জানো দ্বায়িত্ব নাই?হোটেলত টেবুলত চাহকাপ আনি দিয়া অথবা বাটে-ঘাটে সৰু-সুৰা বস্তু বিক্ৰী কৰা শিশুবোৰৰ কুমলীয়া হাত দুখনলৈ,নিষ্পাপ চকু-মুখলৈনো আমি কিমানে চাও?

চালেও,হাতে-কামে জানো কিবা কৰো?দ্বায়িত্ব আমাৰো আছে,প্ৰয়োজন সাপেক্ষে ভিন্ন এনে শিশুৰ হকে কাম কৰা স্বেচ্ছাসেৱী সংগঠনকে সহায় কৰাৰ,শিশু কল্যাণজনিত চৰকাৰৰ আঁ‌চনিসমূহ কাৰ্যতঃ কাৰ্যকৰী কৰাৰ দিশলৈয়ো লক্ষ্য ৰখাৰ-আৰু এনেদৰেই নিজৰ দ্বায়িত্ব পালন কৰাৰ।

Tags: বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস
Share4Tweet3Send

Related Posts

National Press Day
Editorial

16th Nov – National Press Day: Free Press and its significance in today’s world

by Sanjeev Sarma
November 15, 2022
600
চ’ল’গামী কি,কিয় চ’ল’গামী মুখী হৈছে নাৰী?
Features

চ’ল’গামী কি,কিয় চ’ল’গামী মুখী হৈছে নাৰী?

by ASSAM TIMES POST
June 11, 2022
50
বিশ্ব পৰিবেশ দিৱস আৰু আনুষাংগিক দুআষাৰ:
Features

বিশ্ব পৰিবেশ দিৱস আৰু আনুষাংগিক দুআষাৰ:

by ASSAM TIMES POST
June 5, 2022
50
৪৫ বছৰীয়া কহিনুৰৰ ২০২২-২৩ নাট্যবর্ষৰ বিশাল আয়োজন:
ALL NEWS

৪৫ বছৰীয়া কহিনুৰৰ ২০২২-২৩ নাট্যবর্ষৰ বিশাল আয়োজন:

by ASSAM TIMES POST
December 3, 2021
50
৩৫ ডলাৰৰ বাটি নিলাম হ’ব ৫ লক্ষ ডলাৰত!
ALL NEWS

৩৫ ডলাৰৰ বাটি নিলাম হ’ব ৫ লক্ষ ডলাৰত!

by ASSAM TIMES POST
March 14, 2021
50
ঘণ্টাত ৭৭০০০ মাইল বেগত গতি কৰিছে ভয়ঙ্কৰ এক গ্রহাণু:
ALL NEWS

ঘণ্টাত ৭৭০০০ মাইল বেগত গতি কৰিছে ভয়ঙ্কৰ এক গ্রহাণু:

by ASSAM TIMES POST
March 13, 2021
50
ADVERTISEMENT
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

August 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx