ASSAM TIMES POST
গুৱাহাটীঃ ছ’চিয়েল মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰা আৰু ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবক সমালোচনা কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰে এগৰাকী সহকাৰী অধ্যাপকক নিলম্বন কৰিছে। আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাঃ কৌশিক চক্ৰৱৰ্তীক ইয়াৰ বাবে নিলম্বন কৰা কথাই উত্তৰ পূৰ্বাঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৱা ২১ অক্টোবৰত চৰকাৰে তেওঁক নিলম্বন কৰে। তেওঁ ‘কেব’ৰ বিৰোধিতাৰে চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত টুইট কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁক যোৱা ২ আগষ্টত ত্ৰিপুৰা চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। ইফালে তেওঁক শেহতীয়াকৈ নিলম্বন কৰাৰ সমান্তৰালভাৱে বিনা অনুমতিত আগৰতলা এৰি নাযাবলৈ নিৰ্দেশ দিয়া হৈছে।













