ASSAM TIMES POST
ডিফু, : অৱশেষত ২০ দিনৰ মূৰত মাঞ্জা বজাৰৰ এক হাৰ্ডৱেৰ ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ কৰাৰ লগত জড়িত দুই দূৰ্বৃত্তক সোমবাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাৰ ঘটনাৰ কথা পোহৰলৈ আহিছে ৷ আৰক্ষীৰ এক সুত্ৰ অনুসৰি জানিব পৰা অনুসৰি ঘটনা সংঘটিত হোৱা দিনৰে পৰা দূৰ্বৃত্তক আটক কৰিবলৈ মাঞ্জা আৰক্ষীয়ে ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ অবশেষত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীৰ এক অভিযান কাৰী দলে যোৱা সোমবাৰে মাঞ্জা আৰু ডিফুৰ পৰা ২ লিংকমেনক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দটা লিংকমেন ক্ৰমে,মাঞ্জা থানা এলেকাধীন হোজাই নালাৰ ধীৰেণ হোজাইৰ পুত্ৰ ছাম হোজাই (৪০) আৰু আনটো ডিফু থানা এলেকাৰ ৰেঙ্গলহেলেঙৰ চি, জদিঙ্গলীয়ানাৰ পুত্ৰ জেমি ছাকচুৱাক বুলি চিনাক্ত কৰা হৈছে ৷ দুয়ো যোৱা ৩ অক্টোবৰত মাঞ্জাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ কাৰ্যলৈ জড়িত আছিল আৰু দুয়ে উগ্ৰপন্থী সংগঠন ডিএনএলএ নেতা ৰণিল জিগদুঙ আৰু এলউইণ্ড জিগদুঙৰ হৈ কাম কৰি আছিল বুলি আৰক্ষীৰ সুত্ৰটোত প্ৰকাশ ৷ এই সন্দৰ্ভত মাঞ্জা থানাৰ গোছৰ নং ২৮/২০১৯ ত ভাঃদঃবিঃ আইনৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰি ডিফু ন্যায়িক আদলতৰ পৰা দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত আনে কাইলৈ দুয়োকে ডিফু কাৰাগাৰলৈ প্ৰেৰণ কৰা হব বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্যযে, শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক ক্ষণতে কাৰবি আংলং জিলাৰ মাঞ্জা বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি কোনো অজ্ঞাত দূৰ্বৃত্তই গেণেড নিক্ষেপ কৰিছিল যদিও সৌভাগ্যক্ৰমে গ্ৰেণেডটো বিষ্ফোৰণ হোৱা নাছিল যদিও ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছিল ৷ আৰক্ষীৰ সফলতাত ৰাইজে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷