ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বকলীয়াঘাটত ভকতৰ হাতত মহিলা প্ৰহৃতঃ দোষীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ

ASSAM TIMES POST by ASSAM TIMES POST
October 24, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

ডিফুঃ বকলিয়াঘাটত ভকতৰূপী দুই দুৰ্বৃত্তৰ প্ৰহাৰত মহিলা আহত হোৱা ঘটনাত ক্ষোভিত হৈ পৰিছে বকলিয়াঘাটৰ মহিলা সমাজ৷ ইয়াৰ ফলত ক্ষোভৰ বৰ্হিঃপ্ৰকাশ ঘটিয়েই ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সমাজে ৷

ঘটনাৰ বিৱৰণী অনুসৰি ১৯ অক্টোবৰৰ দিনা নিশা বকলিয়াঘাট থানাৰ হগলাকাটা অৰ্জুনতল প্ৰাথমিক নামঘৰ প্ৰাঙ্গনত নিশা উপস্থিত আই মহিলা সকলে নাম প্ৰসঙ্গৰ বাবে অনুশীলনৰ ব্যৱস্থা কৰে৷ অনুশীলন চলি থকা সময়ত নামঘৰৰ কোনো বিষয়কলৈ ভকত শশী বৰা আৰু লোহিত বৰাৰ সৈতে এগৰাকী মহিলাৰ মতানৈক্য হয় ফলত উপস্থিত থকা ভকতৰূপী দুই ভণ্ডই মহিলা গৰাকীক শাৰিৰীক ভাবে আক্ৰমণ কৰি জখম কৰে ৷

দুই ভকতৰ আক্ৰমণত ব’হাগী নামৰ মহিলাগৰাকীৰ সোঁ চকুৰ ওপৰত গুৰুতৰ জখম প্ৰাপ্ত হয় ৷ উক্ত আক্ৰমণৰ পিছৰ পৰাই মহিলা গৰাকীয়ে বাওঁ চকুৰ দৃষ্টি শক্তি হেৰুৱাই ঘুৰাই পোৱা নাই ৷ মহিলাগৰাকীৰ তেজেৰে নামঘৰৰ মজিয়া ৰাঙলী হৈ পৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে৷

ঘটনা সংঘটিত হোৱাৰ নিশাই ভুক্তভোগী মহিলাগৰাকীয়ে বকলিয়াঘাট থানাত ভকত দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ আৰক্ষী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত এক ৰুজোদি তদন্ত অব্যাহত ৰাখিছে যদিও আক্ৰমণকাৰী ভকত দুজন পলাতক অৱস্থাত থকাৰ বাবে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়৷ ইফালে নামঘৰৰ দৰে পৱিত্ৰ স্থানত দুৰ্বৃত্তই মহিলাৰ তেজেৰে সিক্ত কৰা ঘটনা স্থানীয় ৰাইজে সহজভাবে লব পৰা নাই৷

ইফালে ঘটনা সংঘটিত হোৱা ৬ দিন অতিক্ৰম হোৱাৰ পিছত আক্ৰমণকাৰীক আৰক্ষী আটক কৰিবলৈ সক্ষম নোহোৱাত বৃহস্পতিবাৰে বকলিয়াঘাটত তীব্ৰ প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰা হয়৷ উক্ত নিকৃষ্ট ঘটনা ছ’চিয়েল মোডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছে৷ বকলিয়াঘাট ১ নং উদালি যুৱ সংঘ আৰু জ্ঞানোদয় সংঘৰ যুটীয়া উদ্যোগত আজি পুৱা উদালি যুৱ সংঘৰ প্ৰাঙ্গনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷

১নং উদালী যুৱ সংঘৰ সভাপতি ক্ষিতিশ শৰ্মাৰ সভাপতিত্বত আৰু গাওবুঢ়া অকণ হাজৰিকাৰ উপস্থিতিত উপস্থিত ৰাইজে এনে ঘটনাক গৰিহণা দিয়ে৷ অভিযুক্ত ভকত দুজন ৰাজহুৱা জীৱনৰ পৰা বৰ্খাস্থ কৰাৰ লগতে আৰক্ষীৰ ব্যৰ্থতাৰ বাবে সভাস্থলী উত্তপ্ত হৈ পৰে ৷ ইয়াৰোপৰি একাংশ মহিলাই বকলিঘাট থানা ঘেৰাও কৰি অসম আৰক্ষী হায়, হায়, নাৰী নিৰ্যাতন বন্ধ কৰক, অপৰাধীক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়ক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে৷

পৰিস্থিতি ভীষণ দেখি আৰক্ষীৰ এটা দলে অপৰাধী সকলৰ ঘৰতগৈ অপৰাধীৰ সন্ধান চলায় যদিও অপৰাধী পূৰ্বেই পলাবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব আশ্বাস দিয়াৰ পিছতহে পৰিস্থিতি স্বাভাৱিক হয়৷ ভকতৰূপী দুই অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি অধিক অৱনতি ঘটিব পাৰে বুুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে৷

Tags: FeaturedFeatured2karbi anglong
Share5Tweet3Send

Related Posts

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx