ASSAM TIMES POST
শ্ৰীনগৰঃ দীপাৱলী উপলক্ষে দেওবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হয়গৈ জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত। ইয়াত প্ৰধানমন্ত্ৰীজনে নিয়ন্ত্ৰণ ৰেখা (এলঅ’চি)ত সুৰক্ষাৰ দায়িত্বত নিয়োজিত জোৱানসকলৰ সৈতে দীপান্বিতা উদযাপন কৰিব।
উল্লেখযোগ্য যে দেওবাৰে পুৱাৰ ভাগত মোডীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ত ভাগ লৈ দুপৰীয়া ১২ বজাত ৰাজৌৰীত উপস্থিত হয়গৈ। মন কৰিবলগীয়া কথাটো এয়ে যে জম্মু-কাশ্মীৰৰপৰা সংবিধানৰ ৩৭০ আৰু ৩৫(এ) অনুচ্ছেদ বাতিলৰ পাছত দেওবাৰে প্ৰথমবাৰৰ বাবে কাশ্মীৰ উপত্যকাত উপস্থিত হৈছেগৈ প্ৰধান মন্ত্ৰীজন।