
ৰথযাত্রা (Rath Yatra)ক কেন্দ্র কৰি পুৰী (Puri)ত দেখা গ’ল পূৰ্বৰ বছৰবোৰৰ দৰে উৎসৱমুখৰ ছবি। কিন্তু দেশত পুনৰ কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাব আৰম্ভ কৰিছে। সেয়ে ৰথযাত্রাৰ সময়ত সংক্রমণ যাতে কোনোধৰণেই বাঢ়ি নাযায়, তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নবীন পাটনায়কৰ চৰকাৰে ।
৩০ জুন, বৃহস্পতিবাৰে আৰু ১ জুলাই, শুকুৰবাৰে ৰথযাত্রা অনুষ্ঠিত হৈছে পুৰীত। প্রশাসনৰ অনুমান, এইবাৰৰ ৰথযাত্রাত অংশ ল’ব ১৪ লাখৰো অধিক ভক্তই। প্রশাসনৰ তৰফৰ পৰা কোৱা হৈছে যে টিকাকৰণ সম্পূর্ণ নহ’লে কোনেও চহৰত প্ৰৱেশ কৰিব নোৱাৰিব । ৰে’লষ্টেচন, বিমানবন্দৰ, বাছ টার্মিনাছত খোলা হৈছে বিশেষ কাউন্টাৰ।
প্রতিজন যাত্রীৰ টিকাকৰণৰ প্ৰমাণ-পত্র পৰীক্ষা কৰি চোৱা হৈছে। কোনোবাৰ টিকাকৰণ সম্পূর্ণ নহ’লে তেওঁক তৎক্ষণাৎ টিকা দিয়াৰ ব্যবস্থা কৰা হৈছে। ৰথযাত্রা উপলক্ষে পুৰীত প্রায় ১২ লাখ মাস্ক বিনামূল্যে যোগান ধৰাৰ ব্যৱস্থাও কৰিছে প্রশাসনে।
মাস্ক অবিহনে প্ৰৱেশ নিষিদ্ধ কৰিছে জগন্নাথ মন্দিৰৰ সংলগ্ন এলেকাত। চহৰৰ ৰিক্সা আৰু টেক্সিচালকসকলক নির্দেশ দিয়া হৈছে যে মাস্ক পৰিধান নকৰা কোনো আৰোহীকে যেন গাড়ীত উঠিবলৈ নিদিয়ে। চহৰত প্ৰৱেশ কৰা, ওলাই যোৱা ৰাস্তাত একাধিক ‘নাকাবন্দী পোষ্ট’ নিৰ্মাণ কৰা হৈছে ।
তাত প্রত্যেকৰেই টিকাকৰণৰ প্ৰমাণ-পত্র পৰীক্ষা কৰা হ’ব । তাৰপিছতহে চহৰত প্ৰৱেশৰ অনুমতি। জগন্নাথ (Jagannath)ৰ ৰথৰ ওপৰত থাকিব প্ৰায় ৩০০-৪০০ জন সেৱক। তেওঁলোকৰ প্রত্যেকৰেই টিকাকৰণ সম্পূর্ণ বাধ্যতামূলক। বিভিন্ন ঠাইত কৰোনা পৰীক্ষাৰ তম্বু বনোৱা হৈছে। যন্ত্র লগত লৈ পথে পথে ঘূৰি থাকিব স্বাস্থ্যকর্মীসকল। সচেতনতামূলক প্রচাৰো চলিছে।











