ASSAM TIMES POST
নগাঁওঃ বিনা বেতনে দীৰ্ঘদিন ধৰি শিক্ষকতা কৰা অপ্ৰাদেশীকৃত বিদ্যালয়ৰ এজন শিক্ষকে আৰ্থিক দীনতাৰ বাবেই উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি লব লগা হোৱাৰ অভিযোগ উত্থাপিত হৈছে।আৰ্থিক দুৰৱস্থাৰ বাবেই উপযুক্ত চিকিৎসা অবিহনে মৃত্যুক সাবটি লোৱা শিক্ষকজনৰ নাম উত্তম কুমাৰ দাস । নগাঁও জিলাৰ লাওখোৱা শিক্ষা খণ্ডৰ অন্তৰ্গত অপ্ৰাদেশীকৃত মধ্য লাইলুৰী মধ্য ইংৰাজী মাদ্ৰাছাত ২০০৪ চনত বিজ্ঞান শিক্ষক হিচাপে কৰ্মত যোগদান কৰি নিৰবিচ্ছিন্ন ভাৱে ১৫ বছৰৰো অধিককাল বিনা বেতনে শিক্ষকতা কৰি জ্ঞানৰ পোহৰ বিলাই আহিছিল শিক্ষক উত্তম কুমাৰ দাসে ৷
বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা দাসৰ কালি তেজপুৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু ঘটে ৷ দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সদৌ অসম স্বীকৃতি প্ৰাপ্ত মধ্য ইংৰাজী শিক্ষক সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি আছাদ আলি আৰু সম্পাদক ইচহাক আলিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰা মতে অসমৰ বিভিন্ন বিদ্যালয়ত বিনা বেতনে শিক্ষকতা কৰা দুই শতাধিক শিক্ষকৰ চিকিৎসাৰ অভাৱত ইতিমধ্যে মৃত্যু হৈছে ৷ আৰ্থিক দুৰাৱস্থাৰ বাবে বহু কেইজন শিক্ষকে আনকি আত্মহত্যা কৰিবলৈ বাধ্য হৈছে ৷
আৰ্থিক দুৰাৱস্থাৰ বাবে চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰা অপ্ৰাদেশীকৃত শিক্ষকৰ শেহতীয়া উদাহৰণ হৈছে উত্তম কুমাৰ দাস ৷ প্ৰেছ বিবৃতিটোত আৰু উল্লেখ থকা মতে অসমৰ ২২৯৮ খন উচ্চ প্ৰাথমিক বিদ্যালয়ে প্ৰাদেশীকিকৰণৰ বাবে চৰকাৰে যোগ্য বাচনি কৰাৰ পিছতো আজিলৈকে প্ৰাদেশীকিকৰণ কৰা নাই ৷বিগত ২৫- ৩০ বছৰ ধৰি এনে বিদ্যালয়ৰ শিক্ষকসকলে বিনা বেতনে মানৱ সম্পদ গঢ়াৰ গুৰু দ্বায়িত্ব পালন কৰি আহিছে ৷ অসম চৰকাৰে বাৰে বাৰে শিক্ষা আইন সংশোধনীৰ নামত প্ৰবঞ্চনা কৰাৰ উপৰিও অপ্ৰয়োজনীয় ভাৱে বিদ্যালয়সমুহ ভেৰিফিকেশ্যনৰ নামত হাৰাশাস্তি কৰি প্ৰাদেশীকিকৰণৰ কাম বিলম্ব কৰি আহিছে ৷
ফলত এনে বিদ্যালয়ত বিনা বেতনে কৰ্মৰত বহু শিক্ষক- কৰ্মচাৰীয়ে আৰ্থিক দুৰাৱস্থাৰ বাবে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লব লগা হোৱাৰ লগতে বহুতে বিনা বেতনে অৱসৰ লব লগাও হৈছে ৷ তদুপৰি একাংশই আকৌ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক সাবটি লব লগা হৈছে ৷ এনে জটিল পৰিস্থিতিতেই চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি লব লগা হয় উত্তম কুমাৰ দাসে ৷ দাসে মৃত্যুৰ সময়ত পিতৃ -মাতৃ, পত্নী আৰু কন্যাক ইহ সংসাৰত এৰি থৈ যায় ৷ দাসৰ মৃত্যুত শিক্ষক সন্থাৰ লাওখোৱা ব্লক সমিতিৰ সভাপতি আল্লাউদ্দিন ফাৰুকী আৰু সম্পাদক চান্দ মহম্মদেও শোক প্ৰকাশ কৰি শিক্ষকজনৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷













