![]()
কৰোনাৰ সংকট গ’ল নে নগ’ল চীনত আকৌ নতুন সংকট তাপ প্রবাহৰ।
আনকি ইয়াৰ ফলত ৰেড এলাৰ্ট পর্যন্ত জাৰি কৰা হৈছে চীনৰ ৮৬খন চহৰত। ইয়াৰ ভিতৰত আছে দেশখনৰ বাণিজ্যিক ৰাজধানী চাংহাই। দিনে দিনে তাপমাত্রাই ইমানে ভয়াবহ আকাৰ ধাৰণ কৰিছে যে ৰাস্তা ফাটি যোৱা দেখা গৈছে। আনকি ঘৰৰ ছাদৰ টাইলছ ফাট মেলা দেখা গৈছে।
এই তীব্র তাপ প্রবাহৰ কাৰণে ৱর্ল্ড লাইফ পার্কত ৮ টন বৰফ ৰখাৰ ব্যবস্থা কৰা হৈছে চৰাই-চিৰিকতিৰ বাবে। চীনৰ চংকিং চহৰতো দেখা গৈছে অদ্ভুত দৃশ্য। তাত এটি মিউজিয়ামৰ ছাদ গলি গৈছে! সোমবাৰৰ পৰা সেই চহৰতো জাৰি কৰা হৈছে ৰেড এলাৰ্ট।
ইয়াৰ উপৰি মাটিৰ তলত ঘৰ তৈয়াৰ কৰা হৈছে। বহু মানুহেই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মাটিৰ তলত বাংকাৰত আশ্রয় লৈছে। এই বাংকাৰবিলাকত আছে ৱাই ফাই, মাইক্রো ওভেনৰ দৰেই সকলো প্ৰয়োজনীয় সামগ্ৰী।










