
ডিব্ৰুগড় চহৰৰ উপকণ্ঠ চাউলখোৱাত চফিকুল হ’ক নামৰ এজন ভুৱা চিকিৎসকে প্ৰায় ছমাহৰ পূৰ্বৰে পৰা চেম্বাৰ খুলি চিকিৎসা কৰি আহিছিল। আজি আৰক্ষীৰ জালত মুন্নাভাইৰূপী ভুৱা চিকিৎসক।চফিকুল হ’ক নামৰ এই ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে এগৰাকী চৰকাৰী গাঁওবুঢ়াকে ধৰি প্ৰায় চাৰিজন লোকে পৃথকে পৃথকে ডিব্ৰুগড় সদৰ থানা আৰু গাভৰুপথাৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ৷
প্ৰথমে স্থানীয় লোকে চফিকুলক চিকিৎসক বুলিয়েই গণ্য কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত, এগৰাকী স্থানীয় গৰ্ভৱতী মহিলাই স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাওঁতে উক্ত লোকজন যে প্ৰকৃততে চিকিৎসক নহয়, সেই কথা পোহৰলৈ আহে৷
জানিব পৰা মতে, গৰ্ভৱতী মহিলাগৰাকীয়ে উক্ত ভুৱা চিকিৎসকগৰাকীৰ সন্দৰ্ভত সন্দেহ ওপজাত ডিব্ৰুগড়ৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ কাষ চাপে৷ উক্ত বিশেষজ্ঞগৰাকীয়ে মহিলাগৰাকীৰ পূৰ্বৰ চিকিৎসকজনে দিয়া প্ৰেক্ৰিপশ্যনখন প্ৰত্যক্ষ কৰি চকু কপালত উঠে আৰু শীঘ্ৰে উক্ত ব্যক্তিজনে দিয়া কোনো ঔষধ নাখাবৰ বাবে পৰামৰ্শ দিয়ে ৷
এই সমগ্ৰ বিষয়টো অঞ্চলটোত বিয়পি পৰাত স্থানীয় গাঁওবুঢ়া ৰুবুল আলীকে ধৰি সচেতন ব্যক্তিসকলে চিকিৎসকজনক জেৰা আৰম্ভ কৰে আৰু আৰক্ষীক খবৰ দিয়ে।অৱশেষত চফিকুলৰ বিৰুদ্ধে দিয়া এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।













