![]()
পুনৰ ক’ভিডৰ ঢৌ। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে সংক্ৰমণ বৃদ্ধি পাইছে। এইবাৰ ক’ভিডত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাবটিলে এগৰাকী আৰক্ষী বিষয়া মনোৰঞ্জন ফুকন।
সোণাৰিত কৰ্মৰত আৰক্ষী বিষয়া গৰাকী বিগত দিন ধৰু ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল। ১৪ জুলাইত সামান্য জ্বৰ হোৱাৰ ফলত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত কৰ্মৰত আছিল ফুকন।












