![]()
অসম- নাগালেণ্ড সীমান্তৰ খটখটি থানাৰ অন্তৰ্গত কাড়াগাওঁ আওত পষ্টৰ বালিজান বাৰ্লি বস্তিৰ ঘন জংঘলৰ মাজত উদ্ধাৰ মৃতদেহটো।
খটখটী আৰক্ষীৰ পৰা জানিব পোৱা মতে কালি দুপৰীয়া প্ৰায় ১০ বজাত উক্ত অঞ্চলৰ ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগেই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ চমঝি লয়।

আনহাতে খটখটী আৰক্ষীয়ে ইউ ডি ০২/২০২২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে বৰ্তমান পৰ্যন্ত উক্ত মৃতদেহটো ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰাখি থোৱা হৈছে।













