
যোৱা ১০ জুলাইত ডিফুৰ সমীপৰ বিৰলা তিনি আলিত সংঘটিত হোৱা শিহৰণকাৰী আৰু শোকাৱহ পথ দুৰ্ঘচনাৰ অভিশপ্ত ট্ৰাকখনৰ অভিযুক্ত ট্ৰাক চালকটোক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখযোগ্য যে উক্ত শোকাৱহ দুৰ্ঘটনাটোত ডিমাপুৰ নিৱাসী একেটা পৰিয়ালৰ তিনজন লোকৰ মৃত্যুৱে সমগ্ৰ কাৰবি আংলঙত শোকৰ ছাঁ পেলাইছিল ৷
যোৱাকালি এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত চালকটোক লামডিং পথৰ কাষৰ পৰা আত্মগোপন কৰি থকা অৱস্থাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ মৃতকৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এই সন্দৰ্ভত ডিফু থানাত ৫৪/২২ নম্বৰত এক গোছৰ ৰুজো দি ভাঃদঃবিঃ আইনৰ ধাৰা ২৭৯/৩০৪ এ আৰু ৪২৭ গোছৰ ৰুজো দি চালকটোক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি আজি জানিব পৰা গৈছে ৷
আৰক্ষীৰ আগত অভিযুক্ত চালকটোৱে ডিফুৰ পৰা ডিমাপুৰলৈ অভিশপ্ত ট্ৰাকখনত চিমেণ্ট ভক্তি কৰি লৈ গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হল বুলি আৰক্ষীৰ ওচৰত স্বীকৈৰোক্তি দিয়ে ৷ আৰক্ষীয়ে অভিযুক্ত চালকটোক হোজাই জিলাৰ লামডিঙৰ লাষ্ট কলনিৰ নিৱাসী লালমোহন মজুমদাৰৰ পুত্ৰ গোবিন্দ মজুমদাৰৰ ৩৭ বুলি চিনাক্ত কৰিছে ৷













