![]()
অসমৰ সাহিত্য জগতৰ সৈতে সংযোজন হ’ল আন এখন বহুমূলীয়া গ্ৰন্থ ৷ আজি পাহাৰীয়া কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত উন্মোচন হ’ল বিশিষ্ট সাহিত্যিক শৰৎ পাটৰৰ ৰচনা কৰা প্ৰৱন্ধ সংকলন ‘ ৰূপান্তৰৰ গদ্য আৰু বৰ্ণমালা ‘ ৷ আজি ডিফুস্থিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসভৱনত পদ্মশ্ৰী ৰংবং তেৰাঙেই শুভ উন্মোচন কৰে পুথিখনৰ ৷
গ্ৰন্থখন উন্মোচন কৰাৰ পিছত গ্ৰন্থখনৰ লেখক শৰৎ পাটৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, তেওঁৰ প্ৰথমবাৰৰ বাবে ৰচিত প্ৰৱন্ধ সংকলন ‘ ৰূপান্তৰৰ গদ্য আৰু বৰ্ণমালা ‘ নামৰ গ্ৰন্থখন ইতিপুৰ্বে বিভিন্ন কাকত আৰু আলোচনূত প্ৰকাশ পাইছে ৷ গ্ৰন্থখনত মুঠ ১০ টা প্ৰৱন্ধ সন্নিৱিষ্ট হৈ আছে ৷
অসমৰ অন্যতম তিৱা জনগোষ্ঠী সকলৰ লোক সাহিত্য সংস্কৃতি এই গ্ৰন্থখনত দাঙি ধৰাৰ চেষ্টা কৰা হৈছে ৷ অসমৰ বৰ্ণিল সমাজ জীৱনৰ সৈতে তিৱা সকলৰ লোক কৃষ্ট সংস্কৃতি তুলি ধৰাৰ বাবে এই গ্ৰন্থখন এক সামান্য প্ৰয়াস বুলি উল্লেখ কৰে লেখক শৰৎ পাটৰে ৷
আজি উন্মোচনী সভাত জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, লেখক সকল ক্ৰমে, ভৱ প্ৰসাদ দেউৰী, মঞ্জু টেৰণপী, দিপালী আম্ফি চেতিয়া উপস্থিত থাকে ৷












