![]()
কাৰবি আংলং জিলাৰ বোকাজান মহকুমা অন্তৰ্গত ডিলাই আজি পুৱা সন্দেহযুক্ত হেৰইন সহ আৰক্ষীৰ জালত পৰিছে দুই সৰবৰাহকাৰী ৷ আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা এক গোপন সূত্ৰৰ পমখেদি ডিলাই তিনি আলিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুৎফুৰ ৰহমানৰ নেতৃত্বত উপ পৰিদৰ্শক আকাশ গগৈ, সহকাৰী উপ পৰিদৰ্শক জিতেন গগৈ, বোকাজান চি ২০ চি আৰপিএফ কেম্প আৰু ডিলাই থানা ষ্টাফৰ সহযোগত এক নাকা তালাচী চলোৱা হয় ৷
উক্ত তালাচী কালত এএছ01 এনচি 3848 নম্বৰৰ ডিআই বাহনত ভালদৰে তালাচী চলাই অভিযানকাৰী দলটোৱে বাহনখনৰ দৰ্জাৰ পেনেলত লুকুৱাই অনা অৱস্থাত ১৬ টা চাবোনৰ বাকচত ২০৪ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভ আৰক্ষীয়ে মৰিগাওঁ জিলাৰ ক্ৰমে মিকিৰভেটাৰ উত্তৰ শিলপুখুৰী গাঁৱৰ মৃত তামিজ উদ্দিনৰ পুত্ৰ ফৰিদুল ইছলাম (৩৫) আৰু মৈৰাবাৰী থানা এলেকাৰ লেঙেৰীবৰী সৰিয়হপামৰ মৃত আব্দুল কুদ্দুছৰ পুত্ৰ আজমিৰ আলী (২১) নামৰ দুটা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে ৷
উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰইনখিনিসবোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰালহৈছে বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ ৷












