
সমগ্ৰ ৰাজ্যজুৰি মাহজোৰা কাৰ্যসূচীৰে চলিবলগীয়া মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰে আজি কাৰ্বি আংলঙত শুভাৰম্ভ কৰা হয়। জিলাখনৰ সদৰ চহৰ ডিফুৰ আৰবৰেটাম কাম ক্ৰাফট চেন্টাৰত আজি এই প্ৰকল্পৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উপস্থিত লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্যকাৰ্যবাহীগৰাকীয়ে এই অভিযানৰ জৰিয়তে জিলাখনৰ বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে চৰকাৰী প্ৰতিষ্ঠান চৌহদত এক লাখ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি কয়।
ইয়াৰ পিছতে আৰবৰেটাম উদ্যানত থকা আলোচনাকক্ষত বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হৈ মুখ্য কাৰ্যবাহীগৰাকীয়ে প্ৰতিজন বনকৰ্মীকে নিজ দায়িত্বৰ প্ৰতি সজাগ হোৱাৰ আহ্বান জনায়।













