![]()
আজি কাৰবি আংলং জিলাৰ বোকাজান মহকুমা অন্তৰ্গত বৰপথাৰ আৰক্ষী থানাৰ খাকৰাজানত সন্দেহযুক্ত হেৰইন সহ আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী ৷
বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খাকৰাজানত নাকা তালাচীত উদ্ধাৰ হয় হেৰ’ইনখিনি ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলিছিল তালাচী অভিযান৷
NL-07-EB-0556 নম্বৰৰ এখন স্কুটিত লুকুৱাই আনিছিল হেৰ’ইনখিনি৷ ৩০টা চাবোনৰ বাকচত ৩২৩ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ অভিযোগত নেত্ৰ বাহাদুৰ সোনাৰ নামৰ ডিমাপুৰৰ সৰবৰাহকাৰীটোক আটক কৰিছে৷জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২.৫ কোটি টকা৷












