![]()
বুধবাৰে দিল্লীৰ পৰা গুৱাহাটী অভিমুখী এটা ব্যক্তিগত কোম্পানীৰ বিমান এখনৰ সমুখৰ কাঁচত ফাঁট মেলে। এই ঘটনাৰ পিছতেই জৰুৰীকালীনভাৱে বিমানখন জয়পুৰলৈ ঘূৰাই অনা হয় আৰু তাতেই জৰুৰী অৱতৰণ কৰে।
অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে জনোৱা মতে, যোৱা দুদিনত তৃতীয়বাৰৰ বাবে ‘গো ফাৰ্ষ্ট’ নামৰ কোম্পানীটোৰ বিমানত এনে যান্ত্ৰিক বিজুতি ধৰা পৰিছে। বুধবাৰে কোম্পানীটোৰ A320-Neo বিমানখনত এটা কাৰিকৰী সমস্যা ধৰা পৰে।
ভাৰতীয় বিমান পৰিবহণ প্ৰাধিকৰণৰ এজন বিষয়াই জনোৱা মতে, মঙলবাৰে মুম্বাইৰ পৰা লেহলৈ আৰু শ্ৰীনগৰৰ পৰা দিল্লীলৈ যোৱা বিমানসমূহতো যান্ত্ৰিক সমস্যাৰ সন্মুখীন হৈছে। দুয়োটা ক্ষেত্ৰতে সেইবোৰ আছিল ‘গো ফাৰ্ষ্ট’ বিমান। DGCA-এ জনোৱা মতে, দুয়োখন বিমান জৰুৰী অৱতৰণ কৰোৱা হৈছে।











