![]()
অসম অলিম্পিক সন্থাই অসম চৰকাৰৰ সহযোগত অহা ২২ জুলাইৰ পৰা ২৭ জুলাইলৈ গুৱাহাটীত অসম যুৱ অলিম্পিক ২০২২ অনুষ্ঠিত কৰিব যাতে অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন প্ৰতিভা বিচাৰি উলিয়াব পাৰি।
সেয়েহে, এই প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি, অসম অলিম্পিক সংস্থাই প্ৰতিখন জিলা ক্ৰীড়া সংস্থাৰ সহযোগত প্ৰতিখন জিলাত অলিম্পিক ফ্লেম ৰিলে কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
আজি অসম অলিম্পিক সন্থাৰ উপ-সভাপতি তথা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙ আৰু অসম অলিম্পিক সন্থাৰ সৃযুটীয়া সম্পাদক অমল নাৰায়ণ পাটোৱাৰী, প্ৰতিনিধি অমল কান্তি সিনহা, এভাৰেষ্ট বিজয়া খৰছিং তেৰাঙ, কাছা সাধাৰণ সম্পাদক পংকজ টেৰণ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু সদস্য সকলৰ উপস্থিত প্ৰায় শতাধিক যুৱ খেলুৱৈৰ অংশ গ্ৰহণেৰে অসম যুৱ অলিম্পিক ২০২২ ফ্লেমৰ সৈতে ডিফু কাছা ষ্টেডিয়ামত কাছাৰ সহযোগত এটা সামূহিক ৰিলে অনুষ্ঠিত হয়।
কাৰবি আংলং ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ তুলিৰাম ৰংহাঙে টৰ্চ ৰিলেৰ শুভাৰম্ভ কৰে ৷ কাৰবি আংলঙৰ মুঠ ৬০ জন খেলুৱৈ আৰু অফিচিয়েল ১৪ জনে মুঠ ৬ টা ইভেণ্টত গুৱাহাটী যুৱ অলিম্পিকত অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷












