![]()
উত্তৰাখণ্ডত ঘাইপথৰ নৰকোটাত নিৰ্মীয়মাণ এখন দলঙৰ ওপৰৰ অংশ খহি পৰাৰ ফলত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে আন ৬ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।আহত শ্ৰমিক কেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বুধবাৰে পুৱা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। নিৰ্মীয়মান দলংখনৰ চেটিং খহি পৰাৰ ফলত ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰে ৮ জন শ্ৰমিক।দুৰ্ঘটনাৰ পিছতে এছডিআৰএফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ ধ্বংসাৱশেষৰ পৰা দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন ৬ জনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে, অল ৱেদাৰ পৰিযোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই দলংখন।











