ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাট নগৰৰ জোনাকী নগৰত এজন লোকৰ ঘৰৰ ভিতৰত গুলী উদ্ধাৰ হোৱা ঘটনা নগৰখনত পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে জোনাকী নগৰৰ বাসিন্দা তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ কৰ্মচাৰী চেনিৰাম গগৈ নামৰ লোকজনৰ ঘৰত টিং ফুটি গুলী সোমাই ঘৰৰ ভিতৰত।
কথমপি প্ৰাণৰক্ষা ঘৰটোত থকা লোকসকলৰ। নিশা পৰিয়ালৰ লোকসকল শুই থকা অৱস্হাত প্ৰচণ্ড জোৰত শব্দত হোৱাত সাৰ পাই উঠে ঘৰটোৰ লোকসকল। পিছত ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰে এটা গুলী। উদ্ধাৰ হোৱা গুলীটো গোলাঘাট আৰক্ষীক চমজাই দিয়ে লোকজনে। আৰক্ষীয়ে গুলীটো এ কে ৪৭ বন্দুকৰ হ’ব পাৰে বুলি সন্দেহ কৰিছে।
উল্লেখ্য যে গোলাঘাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয় তথা বাসগৃহ আৰু চি আৰ পি এফৰ শিবিৰ সামান্য দূৰত্বত সংঘটিত হোৱা উক্ত ঘটনাই সাধাৰণ ৰাইজক শংকিত কৰি তুলিছে৷