
দেশৰ পৰৱৰ্তী প্ৰথম নাগৰিক কোন? বৃহস্পতিবাৰে আমি গম পাম। বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু বা বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহা, যিকোনো এজন বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উত্তৰাধিকাৰী হʼবলৈ গৈ আছে।
উল্লেখ্য, সোমবাৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰপতি নিৰ্বাচন। ভোটদানৰ হাৰ ৯৮.৯ শতাংশ। ১৬ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হʼব ১৫ সংখ্যক ৰাষ্ট্ৰপতি। কাৰণ, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে একেৰাহে দুটা নিৰ্বাচনত (১৯৫২ আৰু ১৯৫৭) জয়লাভ কৰিছিল।











