![]()
ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হ’ল দ্ৰৌপদী মু্ৰ্মু। আজি ৰাষ্ট্ৰপতি নির্বাচনৰ ফলাফল প্রকাশ কৰা অনুসৰি দ্ৰৌপদী মুৰ্ৰ্ৱে বিপুল ভোটত জয়লাভ কৰে ।
উল্লেখ্য, আজি পুৱা ১১ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগণনা৷ সংসদ ভৱন কমপ্লেক্সত চলিছিল গণনা। প্ৰথম ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হোৱাৰ পিছত দ্ৰৌপদী মুৰ্মুৱে অগ্ৰগতি লাভ কৰা দেখা গৈছিল। এই ৰাউণ্ডত সাংসদৰ ভোট গণনাত দ্ৰৌপদী মুৰ্মুৱে লাভ কৰিছে ৫৪০টা ভোট। আনহাতে যশৱন্ত সিনহাই ২০৮টা ভোট লাভ কৰিছিল।
ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে দ্ৰৌপদী মুৰ্মুৰ জন্মস্থান ওড়িশাৰ ৰাইৰাংপুৰ গাঁৱত ব্যাপক উৎসাহ–উদ্দীপনাৰে বিজয় উদযাপন কৰা দেখা যায়।নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে বিজেপিয়ে বিজয়ক লৈ ৰোড শ্ব’ কৰে। এই ৰোড শ্ব’ দিল্লী বিজেপিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হয়।











