![]()
কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএই আজি গৌৰৱোজ্জল ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি কেন্দ্ৰীয় ভাবে ডিফুৰ লগতে কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ বিভিন্ন শাখা কাৰ্যালয়ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷কাৰ্বি ছাত্ৰ সন্থাৰ 63 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
জিলাখনৰ সদৰ চহৰ ডিফুতো ছাত্ৰ সংগঠনটোৰ কেইবাটাও গোটে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসটি কেন্দ্ৰীয়ভাৱে পালন কৰে। ইয়াৰে, ডিফু টাউন হলত আয়োজন কৰা কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে।
আনহাতে, কাৰ্বি ছাত্ৰ সন্থাৰ ইংলংফʼ গোটৰ উদ্যোগত আয়োজন হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কঞ্চাচডিকমৰ সভাপতি অজিত তিমুং, কাৰ্বি ভাষা শিক্ষণ কেন্দ্ৰৰ সঞ্চালক লংছিং টেৰণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
চি পি আই (এম এল)ৰ কে এছ এৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত দলটোৰ নেতাসকল উপস্থিত থকাৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
মুখ্য কাৰ্যবাহী গৰাকীয়ে লগতে ছাত্ৰ সংগঠনটোৰ কাৰ্যালয় নিৰ্মাণৰ বাবে এক কোটি টকা প্ৰদান কৰা হʼব বুলি উক্ত সভাতে ঘোষণা কৰে। প্ৰতিষ্ঠা দিৱসৰ ছাত্ৰ সংগঠনৰ নেতৃবৰ্গই স্বায়ত্বশাসিত ৰাজ্যৰ দাবী পূৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।













