
নেচনেল হেৰাল্ড গোচৰত ইডিয়ে ছোনিয়া গান্ধীক জেৰা কৰাৰ প্ৰতিবাদত দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছৰ নেতা-কৰ্মী-সমৰ্থকসকলে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ ৰাস্তালৈ ওলাই আহে। ফলত আৰক্ষী প্ৰশাসনৰ লগত সংঘৰ্ষৰো সৃষ্টি হয়। বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পি চিদাম্বৰম, অজয় মাকেনকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাক।
গৃহমন্ত্ৰী অমিত শ্বাহৰ দিল্লী আৰক্ষীয়ে বুধবাৰে নিশাৰ পৰা দিল্লীৰ ২৪ আকবৰ ৰোডত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত লোহাৰ বেৰিকেড নিৰ্মাণ কৰি প্ৰৱেশ পথত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰে। কিন্তু পুৱাৰে পৰা আকবৰ ৰোডৰ সমীপত কংগ্ৰেছ নেতা-কৰ্মীৰ সমাবেশ আৰম্ভ হয়। লাহে লাহে ই বাঢ়িবলৈ ধৰে।
দুপৰীয়া ইডি অফিচত উপস্থিত হ’বলৈ ছোনিয়া ওলাই যোৱাৰ পিছত উত্তেজনা আৰু বাঢ়ি যায়। আৰম্ভ হয় প্ৰতিবাদ। প্ৰতিবাদ বন্ধ কৰিবলৈ দিল্লী আৰক্ষীয়ে লাঠিচালনা, পানীহিলৈ ব্যৱহাৰ কৰে। কংগ্ৰেছ সমৰ্থকসকলে দিল্লীৰ ৰে’লপথ আৰু ঘাইপথসমূহো অৱৰোধ কৰে।
ইডিয়ে অসুস্থ ছোনিয়াক চমনৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাজস্থান, হাৰিয়ানা, মধ্যপ্ৰদেশ, কৰ্ণাটক, ত্ৰিপুৰাকে ধৰি বিভিন্ন ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰে। বেংগালুৰুত চলি থকা প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীয়ে লাঠি ব্যৱহাৰ কৰাৰ সময়তে উত্তেজিত কংগ্ৰেছ সমৰ্থকে কেইবাখনো বাহনত জুই জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।











