
ৱেলিংটন আৰু এচেম্বলী ষ্টেচনৰ মাজৰ মিষ্টিক নদীৰ ওপৰৰ ৰে’লৱে দলঙত ওপৰত এখন যাত্ৰাবাহী ৰে’লত অগ্নিকাণ্ড সংঘটিত হোৱাত প্ৰায় ২০০ গৰাকী যাত্ৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। দাউদাউকৈ জ্বলি উঠা ৰে’লখনৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ আতংকিত যাত্ৰীয়ে সেই সময়ত খিৰিকীৰে জপিয়াই পৰে নদীত।
ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে বহু যাত্ৰীয়ে ৰে’লৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাত অৱশেষত খিৰিকী ভাঙি বাহৰিলৈ জঁপিয়াই পৰে।ঘটনাটো বৃহস্পতিবাৰে পুৱা মেচাচুচেটছৰ ডানা দলঙত সংঘটিত হয়। মেচাচুচেটছ বে ট্ৰান্সপোৰটেচন অথৰিটিয়ে (এমবিটিএ) জানিবলৈ দিয়া মতে, পুৱা এটা অৰেঞ্জ লাইন ৰেলৰ সন্মুখৰ কম্পাৰ্টমেণ্টত অগ্নিৰ সূত্ৰপাত ঘটে।
ইফালে ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু এমবিটিএৰ বিষয়া-কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ আৱদ্ধ যাত্ৰী সকলক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।










