
কাৰবি আংলঙত পুণৰ উদ্ধাৰ বৰবিহ সদৃশ নিচাযুক্ত ড্ৰাগছ ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি সন্ধিয়া প্ৰায় ৬ মান বজাত উদ্ধাৰ হয় ড্ৰাখছখিনি ৷ এক গোপন খবৰৰ ভিত্তিত বৰপথাৰ থানাৰ অ’চি দিপেন বৰুৱাৰ নেতৃত্বত উপপৰিদৰ্শক বিপ্লৱ দাস, সহকাৰী উপপৰিদৰ্শক হুছেইন আহমেদ লস্কৰ বোকাজান কেম্পৰ চি ২০ চি আৰপিএফৰ এটা দল আৰু বৰপথাৰ থান ষ্টাফৰ সহযোগত বৰপথাৰ থানা এলেকাৰ খাকৰাজানত এক বিশেষ নাকা তালাচী অভিযান চলায় ৷
নাকা তালাচীকালত AS 01 GC 5833 পঞ্জীয়ন নম্বৰৰ এখন বাচত তালাচী চলাওঁতে ২০ টা চাবোনৰ বাকচত ২৭৫’৮১ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সন্দেহযুক্ত হেৰ’ইনখিনিৰ সৈতে কাৰবি আংলং জিলাৰ ডিলাই থানা এলেকাৰ ১২ মাইলৰ গজবাহাদুৰ থাপাৰ পুত্ৰ ৩১ বছৰীয়া সন্তোষ থাপাক আৰক্ষীয়ে আটক কৰে ৷
উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰ’ইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ হেৰইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় তিনি কোটি টকা হব বুলি জানিব পৰা গৈছে ৷












