![]()
আজি ডিফুত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ ডিফু আঞ্চলিক উদ্যোগত উচ্চ আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত কৃতীত্বৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত প্ৰথমে সাংবাদিক পেঞ্চনাৰ নগেন বৰা আৰু ডঃ ধৰমছিং টেৰণক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে আছুৱে ৷
ডিফুৰ আঞ্চলিক সভাপতি দিগন্ত হাঞ্চেৰ পৌৰোহিত্যত আজি ডিফু ফাৰ্মাছ এণ্ড গ্ৰ’থ চেন্টাৰত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংছন পোৱা ক্ৰমে ৮৫ আৰু ৩৮ গৰাকী উৰ্ত্তীণ ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে আছুৱে।
আজিৰ সম্বৰ্ধনা অনুষ্ঠানত আছুৰ ৰাজ্যিক উপ-সভাপতি উৎপল শৰ্মা, কাৰ্য্য নিৰ্বাহক ছৰ্জোন হাঞ্চে, জিলাৰ উপ-সভাপতি শ্যামন্ত গগৈ, আছু ডিফু আঞ্চলিকৰ সভাপতি দীপজ্যোতি মালি আৰু আছুৰ অন্যান্য বিষয়ববীয়াৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰু সকলো উপস্থিত থাকে।












