
কাৰবি আংলঙত পুনৰ উদ্ধাৰ বৰবিহ সদৃশ নিচাযুক্ত ড্ৰাগছ৷ বোকাজানৰ ডিলাইত আজি পুনৰ আৰক্ষীয়ে হেৰ’ইনসহ আটক কৰে এজন সৰবৰাহকাৰী৷ডিলাই আৰক্ষীৰ নাকা তালাচীত এএছ-০২-বিচি-৭৬৩৮ নম্বৰৰ এখন বলেৰ’ পিক আপ ভানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় হেৰ’ইন খিনি৷
১৯ টা চাবোনৰ বাকচত ২৪১ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷আৰক্ষীয়ে হেৰ’ইনৰ সৈতে বাহনখনৰ চালক ৰবীন্দ্ৰ দাসক আটক কৰে৷উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ বজাৰমূল্য প্ৰায় দুই কোটি টকা হব বুলি জানিব পৰা গৈছে ৷












