
মনত অযুত সপোনলৈ সমাজৰ নিচলা, দুখীয়া দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, মানসিক দিশত আগবঢ়াই নিবলৈ যোৱা ৮ বছৰ পূৰ্বে ডিফু শীতলাবাৰীৰ এগৰাকী দৃষ্টিহীন যুৱতী নিবেদিতা ঘোষৰ আশাসুধীয়া প্ৰচেষ্টাত গঢ়লৈ উঠা স্বেচ্ছাসেৱী সংগঠন ‘স্বপ্নলোকে’ আজি গৌৰৱোজ্জল অষ্টম বৰ্ষত সফলতাৰ খোজ দিছে ৷
নানা ঘাত-প্ৰতিঘাতক নেওচি কেইজনমান সহকৰ্মীক লগতলৈ নামি পৰিছিল দৰিদ্ৰ শিশু সকলৰ শৈক্ষিক , মানসিক আৰু আৰ্থিক বিকাশৰ দৰে কঠিন অভিযানত ৷ ঠেঁঠুৱৈ ধৰা শীততো দৰিদ্ৰ আৰ্ত শিশু সকলৰ বাবে গৰম কাপোৰৰ বাবে বিভিন্ন জনৰ ওচৰত সহায় ভিক্ষা কৰিছিল নিবেদিতা আৰু স্বপ্নলেকৰ কৰ্ম কৰ্তা সকলে ৷
উচ্চ শিক্ষাৰে শিক্ষিত দৃষ্টিহীন নিবেদিতাই নিজ ঘৰতে স্বপ্নলোকৰ কাৰ্যালয় খুলি দুখীয়া-দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক বিনামুলীয়া কোচিং প্ৰদান কৰ আহিছে ৷ নিবেদিতাৰ জীৱন যুদ্ধৰ বহু অকথিত কঠিন আখ্যান আছে ৷ সি যিয়েই নহওক আজি নিবেদিতাৰ সপোনৰ ‘স্বপ্নলেকে আজি অষ্টম বৰ্ষত গৰকিছে ৷
এই উপলক্ষে স্বপ্নলোকৰ সম্পাদিকা নিবেদিতা ঘোষৰ নেতৃত্বত স্বপ্নলোকৰ কৰ্মকৰ্তা সকলে আজি সন্ধিয়া ডিফু ক্লাৱত এক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে কেক কাটি স্বপ্ন লোকৰ অষ্টম বৰ্ষপুৰ্তি উদযাপন কৰে ৷ উক্ত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলে ‘ক্ৰিয়া-প্ৰতিক্ৰিয়া নামৰ প্ৰকৃতি পৰিৱেশ সচেতনতামূলক নাটক মঞ্চস্থ কৰি উপস্থিক দৰ্শক সকলক আপ্লুত কৰে ৷
লগতে কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ সচিব ডাঃ ৰবিন বেনাৰ্জীৰ ডকুমেণ্ট্ৰি ফিলিম প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইয়াৰোপৰি স্বপ্নলোকৰ উদ্যোগত যোৱা ১৮ জুলাইত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা পেলনীয়া সামগ্ৰীৰে শিল্প কলা প্ৰতিযোগিতাৰ বঁটা বিতৰণি সভাখনো আজিৰ কাৰ্যসূচীতে বিতৰণ কৰা হয় ৷
আজিৰ সভাত অসমৰ বিশিষ্ট সংৰক্ষণবীধ মুবিনা আকতাৰ, বিশিষ্ট সাংবাদিক সঞ্জু বৰাকে ধৰি কেইবাগৰাকী গণ্যমান্য লোক উপস্থিত থাকে ৷












