![]()
কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ডিলাইত বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট সহ এটা নগা যুৱক আৰক্ষীৰ জালত পৰিছে ৷
প্ৰাপ্ত খবৰ অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিৰ তথ্য অনুসৰি আজি বিয়লি ৪ মান বজাত ডিলাই থানা এলেকাৰ লংবই বস্তি তিনি আলিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ডিলাই অ’চি লুৎফুৰ ৰহমান, ডিলাই থানা ষ্টাফ, বোকাজান কেম্পৰ চি ২০ চি আৰপিএফৰ এটা দল আৰু এপিআৰজি ষ্টাফৰ সহযোগত তালাচী অভিযান চলাই এন এল আৰ ৬৭২৩ নম্বৰৰ এখন স্কুটীত তালাচী চলাইসোতৰ হাজাৰ দুশ টা নিচাযুক্ত জাবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত নাগালেণ্ড ডিমীপুৰ পুৰণা বজাৰৰ, মিডল কলনিৰ হকিৰ পুত্ৰ গিহ’কা হকিক আৰক্ষীয়ে আটক কৰে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷













