![]()
ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট নিদিয়াৰ বাবে স্পষ্টীকৰণ দিলে বলীউডৰ প্ৰখ্যাত তাৰকা তথা সাংসদ ছানী দেউলে। ছানীয়ে কয় যে তেওঁ আমেৰিকাত চিকিৎসাধীন হৈ থকাৰ বাবে দেশত নাছিল। তাৰ বাবেই সদ্য সমাপ্ত ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ভোটদান কৰিব নোৱাৰিলে।
উল্লেখ্য, পঞ্জাবৰ গুৰদাসপুৰৰ সাংসদ ছানী দেউলে ভোট নিদিয়াৰ বাবে যথেষ্ট সমালোচনা কৰা হৈছিল। তেওঁৰ সংসদীয় সমষ্টিত তেওঁৰ অনুপস্থিতিৰ বিষয়েও প্ৰায়ে চৰ্চা হয়।
ছানী দেউলৰ মুখপাত্ৰই জনোৱা মতে, কিছুদিন পূৰ্বে ছবি এখনৰ বাবে শ্বুটিং কৰি থাকোঁতে তেওঁ আঘাত পাইছিল। তেওঁ প্ৰথমে মুম্বাইত চিকিৎসা গ্ৰহণ কৰিছিল। কিন্তু পিছত তেওঁ চিকিৎসাৰ বাবে আমেৰিকালৈ যাবলগীয়া হৈছিল।
যোৱা ২ সপ্তাহ ধৰি আমেৰিকাত চিকিৎসাধীন হৈ আছে। ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচন আহে। দেশত নথকাৰ বাবে তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। সুস্থ হৈ উঠাৰ লগে লগে তেওঁ দেশলৈ উভতি আহিব বুলিও তেওঁ জনাইছে।উল্লেখ্য, ছানীৰ ৪ খন চিনেমা বাপ, সূৰিয়া, গদৰ ২ আৰু আপনে ২ ৰ প্ৰস্তুতি চলি আছে।
ৰাষ্ট্ৰপতি নিৰ্বাচনত পঞ্জাবৰ পৰা দুজন সাংসদে ভোট নিদিলে। ইয়াৰ ভিতৰত আছে গুৰদাসপুৰৰ সাংসদ ছানী দেউল আৰু ফৰিদকোটৰ সাংসদ মহম্মদ ছাদিক। ৩ জন বিধায়কৰ ভিতৰত আছে শিৰোমণি আকালি দল (বাদল)ৰ মনপ্ৰীত আয়ালী, কংগ্ৰেছৰ ড০ ৰাজকুমাৰ চাব্ব্বেৱাল আৰু হৰদেৱ লাদী। বিনাচৰ্তে বিজেপি সমৰ্থিত এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক ভোট দিবলৈ অস্বীকাৰ কৰি আয়ালীয়ে নিৰ্বাচন বৰ্জন কৰে।











