
আজি ডিফুত অট’নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিৰ যুৱ ফ্ৰণ্টে জিলা খনৰ কেইবাটাও জ্বলন্ত সমস্যা ক্ৰমে অসম বিশ্ববিদ্যালয় ডিফু চৌহদক পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰা, ডিফু চৰকাৰী মহাবিদ্যালয়ত শীঘ্ৰে ছাত্ৰ-ছাত্ৰীৰ আসন বৃদ্ধি কৰাৰ লগতে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰা, স্বিকৃতি প্ৰাপ্ত সকলো মহাবিদ্যালয়, বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰা, ডিফু বিএড কলেজ পুনৰ স্থাপন কৰা, টেট উত্তীৰ্ণ সকলো খিলঞ্জীয়া শিক্ষক-শিক্ষয়িত্ৰীক শীঘ্ৰে নিযুক্তি প্ৰদান কৰা, এমঅ’ইউ চুক্তি শীঘ্ৰে ৰূপায়ণ কৰা আৰু ভাৰতীয় সংবিধান প্ৰদত্ত অনুচ্ছেদ ২৪৪(ক)শীঘ্ৰে ৰূপায়ণ কৰা আদি দাবীলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিশেষকৈ কাৰবি আংলং , পশ্চিম কাৰবি আংলং আৰু ডিমা হাচাও জিলাক লৈ ভাৰতীয় সংবিধানৰ ২৪৪(ক) অনুচ্ছেদৰ ভিত্তিত এখন স্বায়ত্ত্বশাসিত ৰাজ্য গঠনৰ দাবীত পুণৰ আন্দোলনৰ সংকল্প এ এছ ডি চি দলৰ যুৱ মৰ্চাৰ ৷
আজি দুপৰীয়াৰ পৰা ডিফু ক্লাৱত দলটোৰ যুৱ মৰ্চাই আয়োজন কৰা সভাত এই সিদ্ধান্ত লোৱা হয় ৷ যুৱ মৰ্চাৰ সভাপতি প্ৰেমচন বেই কয় যে বিজেপি দলে বাৰে বাৰে ৰাইজক ফাকি দি আহিছে ৷ লোকসভা নিৰ্বাচন , বিধানসভাৰ নিৰ্বাচন , পৰিষদৰ নিৰ্বাচন সকলোতে দলটোৱে ৮ বছৰ ধৰি বিজেপিক জয়ী কৰালে পাহাৰৰ জনতাৰ দাবী অনুসৰি স্বায়ত্ত্বশাসিত ৰাজ্য দিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷
ৰাইজে ভোট দিলে কিন্তু আজিলৈকে বিজেপিয়ে সেই প্ৰতিশ্ৰুতি পালন নকৰিলে ৷ সেয়ে এতিয়া পুণৰ পাহাৰত ৰাজ্য দাবী আন্দোলন আৰম্ভ কৰিব বুলি কৈ তাৰ বাবে সকলো জাতি-জনগোষ্ঠৰ সমৰ্থন বিছাৰিছে ৷












