![]()
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অধিবেশনৰ সময়ত বিশৃংখলতা সৃষ্টি কৰাৰ বাবে কংগ্ৰেছৰ চাৰিজন সাংসদক নিলম্বন কৰে। সোমবাৰে এই সিদ্ধান্ত ঘোষণা কৰি তেওঁ কয় যে চলিত অধিবেশনৰ বাকী থকা দিনৰ বাবে এই নিলম্বন কৰা হৈছে।
নিলম্বিত কংগ্ৰেছৰ চাৰিজন সাংসদ হৈছে তামিলনাডুৰ মণিকম ঠাকুৰ (বিৰোধনগৰ) আৰু জ্যোতিমণি চেনিমলাই আৰু কেৰালাৰ টি এন প্ৰতাপন (ট্ৰিছুৰ) আৰু ৰম্যা হৰিদাস (কোঝিকোৰ)। অধ্যক্ষৰ নিৰ্দেশ অমান্য কৰি অধিবেশনৰ সময়ত পোষ্টাৰ আৰু প্লেকাৰ্ডেৰে প্ৰতিবাদ কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
উল্লেখ্য, সংসদৰ বৰ্তমানৰ বৰ্ষাকালীন অধিবেশন ১২ আগষ্টলৈকে চলিব। অধ্যক্ষই সোমবাৰে কয় যে উক্ত সময়সীমা পর্যন্ত চাৰিজন কংগ্ৰেছ সাংসদে অধিবেশনত অংশ ল’ব নোৱাৰিব৷ উল্লেখ্য, নতুন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ সচিবালয়ে সাংসদসকলক নিৰ্দেশ জাৰি কৰিছিল যে কেৱল অধিবেশন কক্ষই নহয়, সমগ্ৰ সংসদ চৌহদত ধৰ্ণা আৰু প্ৰতিবাদৰ অনুমতি দিয়া নহ’ব।











