![]()
১০০ কোটি টকা ব্যয় কৰিলে দিয়া ৰাজ্যসভাৰ আসনৰ টিকট নিশ্চিত! আনকি ধনৰ বিনিময়ত পাব ৰাজ্যপালৰ পদো! বিগত কেইমাহমানৰ পৰা দেশজুৰি চলি থকা এনে এটা প্ৰৱঞ্চনা চক্ৰই এই প্ৰতিশ্ৰুতি দি ধন আদায়ৰ চেষ্টা চলাই থকা বুলি জানিব পাৰে চিবিআইয়ে।
ইতিমধ্যে চিবিআইয়ে এই ঘটনাৰ সৈতে জড়িত ৪জন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰিছে এফআইআৰ। প্ৰসংগক্ৰমে ১০ জুনত দেশৰ ১৫খন ৰাজ্যৰ ৫৭টা সমষ্টিত ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। চি বি আইৰ সূত্ৰ অনুসৰি ইয়াৰ পূৰ্বে এই চক্ৰটো সক্ৰিয়হৈছিল। অভিযোগৰ ভিত্তিত এফআইআৰত জনোৱা হৈছে যে ফোন নিৰীক্ষণ কৰি উক্ত চক্ৰটোৰ সন্ধান লাভ কৰা হৈছে।
গ্ৰেপ্তাৰ হোৱা চাৰিজন হৈছে মহাৰাষ্ট্ৰৰ কৰমলকাৰ প্ৰেমকুমাৰ, কৰ্ণাটকৰ ৰবীন্দ্ৰ ভিথ্যল নায়ক, দিল্লীৰ মহেন্দ্ৰ পাল আৰোৰা আৰু অসমৰ অভিষেক বৰা। ইয়াৰ বাহিৰেও মহম্মদ আজিজ খান নামৰ এজন ব্যক্তিৰ নাম এফআইআৰত চাৰি চক্ৰৰ সহযোগী হিচাপে উল্লেখ কৰা হৈছে।
উল্লেখ্য, ৰিয়াজ শ্বেখ নামৰ এজন ব্যক্তিক একনাথ শিণ্ডেৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰে মহাৰাষ্ট্ৰৰ এজন বিজেপি বিধায়কৰ পৰা ১০০ কোটি টকা দাবী কৰাৰ অভিযোগত যোৱা সপ্তাহত গ্ৰেপ্তাৰ হৈছিল।











