
আজি কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙৰ নেতৃত্বত এক সঁজাতি দলে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্দিয়াক সাক্ষাৎ কৰে ৷
সাক্ষাৎ কালত সঁজাতি দলটোৱে মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি ২০২১ চনত স্বাক্ষৰিত হোৱা এম অ’এছ চুক্তি অনুসৰি কাৰবি আংলঙত গ্ৰীণফিল্ড এয়াৰপ’ৰ্ট নিৰ্মাণৰ উদ্যোগ লবলৈ অনুৰোধ জনায় ৷
সঁজাতি দলটোত আছিল ক্ৰমে, সাংসদ হৰেণছিং বে’, KAAC EM লুণছিং টেৰণ, এমএচি অভিজিত ক্ৰ’কে ধৰি অনান্য গণ্যমান্য ব্যক্তি ৷













