![]()
যোৱা ২২ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ গুৱাহাটীত চলি থকা প্ৰথম যুৱ অলিম্পিকৰ মল্ল যুঁজত আজি কাৰবি আংলঙৰ ৬ খেলুৱৈৱে ২ টা সোণ আৰু ৪ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি ৪০ কেজি শাখাত অঞ্জু ৱাৰীয়ে ১ টা সোণ, ৪৬ কেজি শাখাত পদুমী বসুমতাৰীৰ ১ টা সোণ, ৪৬ কেজি শাখাত ধনশিৰি বসুমতাৰী, ৪৫ কেজি শাখাত ছেমুৱেল বসুমতাৰী,৫১ কেজি শাখাত মনোৰাম বসুমতাৰী আৰু ৬০ কেজি শাখাত ডেভিড বসুমতাৰীয়ে এটাকৈ ব্ৰঞ্জৰ পদক আজুৰি আনি কাৰবি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷













